২০২৬ চনত নিউজউইকৰ দ্বাৰা ভাৰতৰ শ্ৰেষ্ঠ চিকিৎসালয় হিচাপে স্বীকৃতিপ্ৰাপ্ত মেদান্ত – দ্য মেডিচিটি-এ গুৱাহাটীৰ দিছপুৰৰ লাষ্ট গেটত আনুষ্ঠানিকভাৱে ছুপাৰ-স্পেচিয়েলিটী মেডিক্লিনিক মুকলি কৰিছে। উত্তৰ-পূৰ্বাঞ্চলত স্বাস্থ্যসেৱা সম্প্ৰসাৰণৰ ক্ষেত্ৰত মেদান্তৰ এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
যোৱা ২৭ নৱেম্বৰত চিকিৎসক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত মেদান্তৰ মুখ্য বিপণন আৰু বিকাশ বিষয়া কেদাৰ আপ্তেই এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই মেডিক্লিনিকখনত একেখন ছাদৰ তলতে ৰোগ নিৰ্ণয়, প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শৰ সুবিধা উপলব্ধ হ’ব। ইয়াত অত্যাধুনিক পৰীক্ষাগাৰৰ লগতে প্ৰতিৰোধমূলক স্বাস্থ্য পৰীক্ষা, ডেক্সা স্কেন, আল্ট্ৰাছন’গ্ৰাফী, মেম’গ্ৰাফী, ডিজিটেল এক্স-ৰে আৰু হৃদৰোগ নিৰ্ণয়ৰ বাবে ট্ৰেডমিল টেষ্ট আৰু ইক’কাৰ্ডিঅ’গ্ৰাফীৰ দৰে উন্নত সুবিধা থাকিব।
এই মেডিক্লিনিকখনে ১৫তকৈও অধিক চিকিৎসা বিভাগত ছুপাৰ-স্পেচিয়েলিষ্টৰ পৰামৰ্শ আগবঢ়াব। ইয়াৰ ভিতৰত হৃদৰোগ চিকিৎসা, কৰ্কট ৰোগ, গেষ্ট্ৰ’এণ্টেৰ’লজী আৰু হেপাট’লজী, নিউৰ’ছাৰ্জাৰী, ইউৰ’লজী, নেফ্ৰ’লজী, অৰ্থ’পেডিক্স, স্ত্ৰীৰোগ আৰু গাইনি-অংক’লজী অন্যতম। ইয়াৰ জৰিয়তে ৰোগীসকলে গুৰুগ্ৰাম, নয়ডা, পাটনা আৰু লক্ষ্ণৌৰ মেদান্ত হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব।
মেদান্তৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ নৰেশ ত্ৰেহানে কয় যে, ‘হৰ এক জন অনমোল – প্ৰতিটো জীৱন অমূল্য’ নীতিৰ আধাৰত ভৌগোলিক সীমা অতিক্ৰম কৰি সকলোৰে বাবে উন্নত স্বাস্থ্যসেৱা সুলভ কৰি তোলাৰ প্ৰতিষ্ঠানটোৰ প্ৰতিশ্ৰুতিকে এই পদক্ষেপে প্ৰতিফলিত কৰিছে।
আঞ্চলিক সম্প্ৰসাৰণৰ অংশ হিচাপে মেদান্তই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সৰুসজাই ঔদ্যোগিক ক্ষেত্ৰত ৬০০ খনতকৈও অধিক বিচনাযুক্ত এখন অত্যাধুনিক হাস্পতাল নিৰ্মাণ কৰি আছে।
দিছপুৰৰ পাৰ্ক পেনোৰামাৰ ওচৰৰ বেলতলা-বশিষ্ঠ পথৰ অম্বিকা শ্ৰাইনত অৱস্থিত এই মেডিক্লিনিকখন সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ খোলা থাকিব।
চিকিৎসকৰ সাক্ষাতৰ বাবে আগ্ৰহীসকলে 89043 95588 অথবা 8826312002 নম্বৰত যোগাযোগ কৰিব পাৰে। ইয়াৰ উপৰি পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ অসমীয়া, বঙালী, নাগামিজ, ইংৰাজী আৰু হিন্দী ভাষাত সহায়ৰ বাবে 8904395588 নম্বৰত এক বিশেষ বহুভাষিক হেল্পলাইনৰ ব্যৱস্থা কৰা হৈছে।
গুৱাহাটীত নতুন মেডিক্লিনিক মুকলি কৰি উত্তৰ-পূবত সেৱাৰ সম্প্ৰসাৰণ মেদান্তৰ, নিৰ্মাণ কৰিব ৬০০ খন বিচনাযুক্ত হাস্পতাল
