নেচলে ইণ্ডিয়াই শীতকালৰ আগমনৰ লগে লগে দিল্লী-এনচিআৰ অঞ্চলত বায়ু প্ৰদূষণৰ মাত্ৰা উদ্বেগজনকভাৱে বৃদ্ধিৰ মাজতে গুৰুগ্ৰামত এক বিশেষ পৰিৱেশ অনুকূল পদক্ষেপ গ্ৰহণ কৰিছে। কোম্পানীটোৱে গুৰুগ্ৰামৰ এম্পিয়েন্স মল আৰু ৰাজীৱ চ’কৰ মাজৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ১৬ কিলোমিটাৰ অংশত ক্লিন কৰিডৰ গুৰুগ্ৰাম শীৰ্ষক এক প্ৰকল্পৰ শুভাৰম্ভ কৰিছে।
নগৰীয়া পৰিচ্ছন্নতা বৃদ্ধি আৰু ৰাজহুৱা স্থানসমূহৰ সুশৃংখলিত ৰক্ষণাবেক্ষণৰ লক্ষ্যৰে হাতত লোৱা এই প্ৰকল্পৰ অধীনত যান্ত্ৰিকভাৱে পথত ঝাড়ু দিয়া, ধূলি নিয়ন্ত্ৰণৰ বাবে পানী ছটিওৱা, দৈনিক আৱৰ্জনা সংগ্ৰহ আৰু সৌন্দৰ্যবৰ্ধনৰ দৰে কামসমূহ সামৰি লোৱা হৈছে।
চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত পাইলট প্ৰকল্প হিচাপে আৰম্ভ হোৱা এই অভিযানে ইতিমধ্যে আশাপ্ৰদ সফলতা লাভ কৰিছে। প্ৰকল্পটোৰ অধীনত দৈনিক দুবাৰকৈ চলা যান্ত্ৰিক ঝাড়ু দিয়া(ছুইপিং) বাহনে ৯৫ বাৰ যাত্ৰাৰ জৰিয়তে প্ৰায় ২২৬ টন ধূলি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। তদুপৰি পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ কৰ্মৰত ৮জনীয়া এটা দলে মাত্ৰ ৪২ দিনৰ ভিতৰতে প্ৰায় ৬৭ টন প্লাষ্টিক আৰু অন্যান্য কঠিন বা গোটা আৱৰ্জনা সংগ্ৰহ কৰিছে। ইয়াৰ উপৰিও, এই পদক্ষেপৰ অংশ হিচাপে ওলমি থকা গছৰ টাব (হেঙিং প্লেণ্টাৰ্ছ) আৰু নিয়মীয়া চাফাই অভিযানৰ জৰিয়তে ব্যস্ত ইফকো চ’কৰ সৌন্দৰ্যবৰ্ধন কৰা হৈছে।
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাও ইন্দ্ৰজিৎ সিঙে এই পদক্ষেপ সন্দৰ্ভত কয় যে, নগৰীয়া পৰিৱেশ উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰ, উদ্যোগ খণ্ড আৰু স্থানীয় সমাজৰ মাজত নিৰৱচ্ছিন্ন অংশীদাৰিত্ব অত্যন্ত জৰুৰী। আনহাতে, নেচলে ইণ্ডিয়াৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মনীষ তিৱাৰীয়ে উল্লেখ কৰে যে, এই প্ৰকল্পটোৱে পৰিষ্কাৰ ৰাজহুৱা স্থান গঢ়ি তোলা আৰু সমাজৰ সামগ্ৰিক কল্যাণৰ প্ৰতি কোম্পানীটোৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে।
উল্লেখযোগ্য যে, গুৰুগ্ৰামৰ এই সফল আৰ্হিয়ে গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰতো এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। বৰ্তমান গুৱাহাটীত দ্ৰুতগতিত সম্প্ৰসাৰিত হোৱা নগৰীয়া আন্তঃগাঁথনিৰ লগে লগে ৰাজহুৱা স্থানসমূহৰ নিয়মীয়া ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তাও বৃদ্ধি পাইছে। এনে ক্ষেত্ৰত ব্যক্তিগত খণ্ড বা উদ্যোগসমূহৰ নেতৃত্বত গ্ৰহণ কৰা অনুৰূপ পদক্ষেপে গুৱাহাটীৰ পৰিচ্ছন্নতা, আৱৰ্জনা ব্যৱস্থাপনা আৰু বহনক্ষম নগৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।
নগৰীয়া পৰিচ্ছন্নতা আৰু বহনক্ষম উন্নয়নৰ বাবে নেচলে ইণ্ডিয়াৰ বিশেষ পদক্ষেপ; গুৱাহাটীতো এনে আৰ্হি গ্ৰহণৰ সম্ভাৱনা
