বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ১১ নৱেম্বৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ উপস্থিতিত ১৯ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস (পি বি ডি) সন্মিলনৰ আনুষ্ঠানিকভাৱে ৱেবছাইট মুকলি কৰে। ২০২৭ চনৰ ৭ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ কলকাতাত এই ৩ দিনীয়া সন্মিলন অনুষ্ঠিত হ’ব।
পশ্চিম বংগ চৰকাৰৰ সহযোগত আয়োজিত এই সন্মিলনখন “শিপাৰ পৰা প্ৰত্যাৱৰ্তনলৈ: ভাৰতৰ সৈতে প্ৰবাসীসকলৰ সংযোগ পুনৰ জাগ্ৰত কৰা” শীৰ্ষক থীমেৰে অনুষ্ঠিত হ’ব।
ৱেবছাইট মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি এছ জয়শংকৰে ভাৰতীয় প্ৰবাসীসকলক ভাৰত আৰু বিশ্বৰ মাজৰ এক “জীৱন্ত সেতু” বুলি অভিহিত কৰাৰ লগতে চিন্তা-চৰ্চা, জ্ঞান, উদ্ভাৱন, সংস্কৃতি আৰু উদ্যোগৰ আদান-প্ৰদানত প্ৰবাসী ভাৰতীসকলৰ অৱদানৰ কথা উল্লেখ কৰে। বিদেশ মন্ত্ৰীজনে কয় যে, প্ৰবাসী ভাৰতীয়সকল কেৱল দেশৰ অতীতৰ সৈতেই জড়িত নহয়, বৰঞ্চ বৰ্তমান আৰু ভৱিষ্যতৰো অবিচ্ছেদ্য অংগ হৈ আছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই থীমৰ জৰিয়তে প্ৰবাসীসকল আৰু ভাৰতৰ মাজত থকা সভ্যতা, সাংস্কৃতিক আৰু আৱেগিক বন্ধন সুদৃঢ় কৰাৰ লগতে প্ৰবাসী ভাৰতীয়সকলৰ নৱপ্ৰজন্মক তেওঁলোকৰ শিপা আৰু সমসাময়িক ভাৰতৰ সৈতে পুনৰ সংযোগ স্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে।
যুৱ প্ৰবাসী ভাৰতীয় দিৱসেৰে এই সন্মিলনৰ শুভাৰম্ভ হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠানটো উদ্বোধন কৰিব, আনহাতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰিব। সমান্তৰালভাৱে এই সন্মিলনত বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা প্ৰবাসী ভাৰতীয়সকলক প্ৰবাসী ভাৰতীয় সন্মান বঁটা প্ৰদান কৰা হ’ব।
কলকাতাত ১৯ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱসৰ ৱেবছাইট মুকলি কৰিলে বিদেশ মন্ত্ৰী এছ জয়শংকৰে
