মাহেকীয়া ঋতুচক্ৰ নিয়মীয়া হ’লেও আৰু অভুলেচন(ডিম্বস্ফোটন) ঘটিলেও বন্ধ্যাত্ব হ’ব পাৰে। হৰমনৰ ভাৰসাম্যহীনতা, বন্ধ ফেলোপিয়ান টিউব আৰু শুক্ৰাণু সম্পৰ্কীয় সমস্যাসমূহৰ সাধাৰণতে মূল্যায়ন কৰা হয় যদিও, জৰায়ুৰ মুখ(চাৰ্ভিক্স)ক প্ৰভাৱিত কৰা কিছুমান অৱস্থাইও গৰ্ভধাৰণত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। ইয়াক চাৰ্ভিকেল-ফেক্টৰ ইনফাৰ্টিলিটী বুলি জনা যায়; জৰায়ুৰ গাঁথনিগত অস্বাভাৱিকতা বা পৰিৱৰ্তনে যেতিয়া জৰায়ুৰ ভিতৰলৈ শুক্ৰাণুৰ প্ৰৱেশত বাধা দিয়ে, তেতিয়া এই সমস্যাৰ সৃষ্টি হয়।
গুৱাহাটীৰ বিৰলা ফাৰ্টিলিটি এণ্ড আইভিএফৰ প্ৰজনন বিশেষজ্ঞা ডাঃ কল্পনা জৈনে কয় যে, যিসকল মহিলাৰ জৰায়ুৰ অস্ত্ৰোপচাৰ, দাগ বা জৰায়ুৰ মুখ সংকীৰ্ণ হোৱাৰ পূৰ্বৰ ইতিহাস আছে, সেইসকল মহিলা ইয়াৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত হ’ব পাৰে। অধিক পৰীক্ষা-নিৰীক্ষা বা চিকিৎসাৰ প্ৰয়োজন আছে নে নাই সেয়া নিৰ্ধাৰণ কৰিবলৈ এই কাৰকসমূহ চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ।
গৰ্ভধাৰণৰ সৈতে জৰায়ুৰ কি সম্পৰ্ক আছে?
চাৰ্ভিক্স(জৰায়ুৰ মুখ) হৈছে জৰায়ুৰ তলৰ ঠেক অংশ যি যোনিদ্বাৰৰ সৈতে সংযোজিত হৈ থাকে। ইয়াৰ পৰা চাৰ্ভিকেল মিউকাছ(বিজলুৱা পদাৰ্থ) নিৰ্গত হয়, যাৰ ঘনত্ব সমগ্ৰ মাহেকীয়া চক্ৰত সলনি হৈ থাকে।
অভুলেচন(ডিম্বস্ফোটন)ৰ সময়ত, ইষ্ট্ৰোজেন হৰমনৰ মাত্ৰা বৃদ্ধি পোৱাৰ বাবে চাৰ্ভিকেল মিউকাছ পাতল, পৰিষ্কাৰ আৰু পিছল হৈ পৰে; ই শুক্ৰাণুৰ বাবে জৰায়ুৰ মুখৰ মাজেৰে জৰায়ু আৰু ফেলোপিয়ান টিউবলৈ যাত্ৰা কৰিবলৈ এক অনুকূল পৰিৱেশ সৃষ্টি কৰে। মাহেকীয়া চক্ৰৰ অন্যান্য পৰ্যায়ত এই মিউকাছ সাধাৰণতে ডাঠ হৈ পৰে, যাৰ ফলত শুক্ৰাণুৰ চলাচল কঠিন হৈ পৰে।
এই ৰূপান্তৰসমূহ প্ৰজনন প্ৰক্ৰিয়াৰ এক স্বাভাৱিক অংশ। অৱশ্যে, কেৱল চাৰ্ভিকেল মিউকাছৰ পৰিৱৰ্তনে গৰ্ভধাৰণৰ ক্ষমতা নিৰ্ভৰযোগ্যভাৱে নিৰ্ধাৰণ কৰিব নোৱাৰে বা গৰ্ভধাৰণৰ অসুবিধাৰ প্ৰকৃত কাৰণ প্ৰতিষ্ঠা কৰিব নোৱাৰে।
জৰায়ুৰ সমস্যাই গৰ্ভধাৰণত প্ৰভাৱ পেলাব পাৰে নেকি?
কিছুমান ক্ষেত্ৰত, পূৰ্বৰ কোনো চিকিৎসা প্ৰক্ৰিয়াৰ পৰা হোৱা দাগ বা চাৰ্ভিকেল ষ্টেনোচিছ(জৰায়ুৰ অস্বাভাৱিকভাৱে ঠেক হোৱা)ৰ বাবে শুক্ৰাণু ভিতৰলৈ সোমাই যোৱাটো কঠিন হ’ব পাৰে। সংক্ৰমণ আৰু প্ৰদাহে(ইনফ্লেমেচন)ও জৰায়ুৰ মুখৰ স্বাস্থ্য প্ৰভাৱিত কৰিব পাৰে।
কিছুমান মহিলাৰ ক্ষেত্ৰত ইয়াৰ কোনো স্পষ্ট লক্ষণ দেখা নাযায়। আন কিছুমানে অস্বাভাৱিক বগা স্ৰাৱ, সহবাসৰ পিছত ৰক্তক্ষৰণ, দুটা মাহেকীয়াৰ মাজৰ সময়ছোৱাত ৰক্তক্ষৰণ বা তলপেটত একেৰাহে অস্বস্তি অনুভৱ কৰিব পাৰে। এই লক্ষণসমূহৰ বিভিন্ন কাৰণ থাকিব পাৰে আৰু সদায় প্ৰজনন ক্ষমতাৰ সমস্যা সৃষ্টি কৰিবই তেনে নহয়, কেতিয়াবা বাহ্যিক সমস্যাৰ সৃষ্টি নকৰিবও পাৰে।
আপোনাৰ জৰায়ুৰ প্ৰতি মনোযোগৰ প্ৰয়োজন আছে বুলি আপুনি কেনেকৈ জানিব?
জৰায়ুকেন্দ্ৰিক বন্ধ্যাত্ব নিশ্চিত কৰিব পৰা কোনো সৰল লক্ষণ বা ঘৰুৱা পৰীক্ষা নাই। এজন প্ৰজনন বিশেষজ্ঞই আপোনাৰ চিকিৎসাৰ ইতিহাস পৰ্যালোচনা কৰিব পাৰে, পূৰ্বৰ জৰায়ুৰ চিকিৎসা প্ৰক্ৰিয়াৰ বিষয়ে সুধিব পাৰে আৰু আপোনাৰ লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি সংক্ৰমণৰ পৰীক্ষা বা পৰীক্ষণৰ পৰামৰ্শ দিব পাৰে। এই মূল্যায়নত অভুলেচন(ডিম্বস্ফোটন), ফেলোপিয়ান টিউব আৰু শুক্ৰাণুৰ স্বাস্থ্যৰ দৰে অন্যান্য সম্ভাৱ্য কাৰকসমূহকো বিবেচনা কৰা হয়, কিয়নো গৰ্ভধাৰণৰ অসুবিধাৰ একাধিক কাৰণ থাকিব পাৰে।
মহিলাৰ প্ৰজনন স্বাস্থ্যসেৱাৰ বাবে নিয়মীয়া জৰায়ুৰ পৰীক্ষা এক গুৰুত্বপূৰ্ণ অংশ। এটা পেপ স্মিয়েৰ(চাৰ্ভিকেল চাইট’লজী টেষ্ট) পৰীক্ষাই জৰায়ুত থকা অস্বাভাৱিক কোষসমূহ চিনাক্ত কৰিব পাৰে, যাৰ বাবে অধিক মূল্যায়নৰ প্ৰয়োজন হ’ব পাৰে। যদিও পেপ স্মিয়েৰে বন্ধ্যাত্বৰ ৰোগ নিৰ্ণয় নকৰে, ইয়াৰ ফলাফলে প্ৰজনন চিকিৎসা আৰম্ভ কৰাৰ পূৰ্বে জৰায়ুৰ অস্বাভাৱিকতাসমূহ চিনাক্ত কৰাত সহায় কৰিব পাৰে।
যদি পেপ স্মিয়েৰ ৰিপৰ্টত হাই-গ্ৰেড স্কোৱামাছ ইণ্ট্ৰাএপিথেলিয়েল লেচন (এইছএছআইএল) বা অন্য কোনো উদ্বেগজনক অস্বাভাৱিকতা দেখা যায়, তেন্তে এগৰাকী স্ত্ৰীৰোগ কেন্সাৰ বিশেষজ্ঞৰ দ্বাৰা অধিক মূল্যায়নৰ পৰামৰ্শ দিয়া হ’ব পাৰে। ইয়াত অস্বাভাৱিক অংশটো পৰীক্ষা কৰিবলৈ আৰু সঠিক ব্যৱস্থাপনা নিৰ্ধাৰণ কৰিবলৈ ক’লপ’স্কোপি-গাইডেড বায়’প্সী অন্তৰ্ভুক্ত হ’ব পাৰে। প্ৰজনন ক্ষমতা মূল্যায়নৰ সময়ত যদি এনেধৰণৰ লক্ষণ ধৰা পৰে, তেন্তে ভ্ৰূণ স্থানান্তৰ প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ পূৰ্বে বিশেষজ্ঞৰ পৰামৰ্শ অনুসায়ী জৰায়ুৰ মুখৰ অস্বাভাৱিকতাৰ মূল্যায়ন আৰু চিকিৎসা কৰা উচিত। পৰৱৰ্তী প্ৰজনন চিকিৎসাৰ সময়সীমা পৰীক্ষাৰ ফলাফল আৰু পৰামৰ্শ দিয়া চিকিৎসা পৰিকল্পনাৰ ওপৰত নিৰ্ভৰ কৰিব।
জৰায়ুকেন্দ্ৰিক বন্ধ্যাত্বৰ অৰ্থ আচলতে কি, আপুনি স্বাভাৱিকভাৱে গৰ্ভধাৰণ কৰিব নোৱাৰে নেকি?
একেবাৰে তেনে নহয়। চিকিৎসা নিৰ্ভৰ কৰে সমস্যাটো কি কাৰণে হৈছে তাৰ ওপৰতহে নিৰ্ভৰ কৰে। যদি সংক্ৰমণ হৈছে, তেন্তে ঔষধৰ প্ৰয়োজন হ’ব পাৰে। যদি জৰায়ুৰ মুখভাগত যথেষ্ট ঠেক বা দাগ বহি গৈছে, তেন্তে এটা চিকিৎসা প্ৰক্ৰিয়াৰ প্ৰয়োজন হ’ব পাৰে। পৰীক্ষাৰ ফলাফল আৰু দম্পতীৰ সামগ্ৰিক প্ৰজনন ক্ষমতাৰ ওপৰত ভিত্তি কৰি আইইউআই বা আইভিএফৰ দৰে চিকিৎসাসমূহৰ বিষয়ে আলোচনা-পৰ্যবেক্ষণ কৰা হ’ব পাৰে।
যদি আপুনি সফলতা অবিহনে গৰ্ভধাৰণৰ চেষ্টা কৰি আছে, তেন্তে কেৱল নিয়মীয়া মাহেকীয়া হোৱা বাবেই সকলো ঠিকে আছে বুলি ধৰি নল’ব অথবা জৰায়ুৱেই যে সমস্যা, সেইটোও ভাবি নল’ব। এজন প্ৰজনন বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিলে আপোনাক কি দিশৰ প্ৰতি মনোযোগ দিয়াৰ প্ৰয়োজন আৰু চিকিৎসাৰ প্ৰয়োজন আছে নে নাই, সেয়া বুজাত সহায় হ’ব।
