সমগ্ৰ দেশজুৰি চলোৱা এক অধ্যয়নত প্ৰকাশ পাইছে যে গৰ্ভাৱস্থাত দীৰ্ঘদিন ধৰি উত্কট গৰমৰ সংস্পৰ্শত থাকিলে নৱজাতকৰ জন্মৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। পৰম্পৰাগতভাৱে শীতল জলবায়ু, উষ্ণতা কম থকা ভাৰতৰ পাৰ্বত্য অঞ্চলসমূহ—যেনে মেঘালয়, নাগালেণ্ড আৰু অসমৰ কিছু অংশকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মহিলাসকল এই ক্ষেত্ৰত আটাইতকৈ বেছি স্পৰ্শকাতৰ বুলি প্ৰমাণিত হৈছে। এনভাইৰনমেণ্টেল ৰিচাৰ্চ কমিউনিকেচনছ নামৰ পিৰ-ৰিভিউড জাৰ্নেল(সমকক্ষ-সমীক্ষা জাৰ্নেল) আলোচনীত প্ৰকাশিত এই অধ্যয়নটোত ২০১৫ চনৰ পৰা ২০২০ চনৰ ভিতৰত দেশজুৰি পঞ্জীয়ন হোৱা ২,০৯,২৬৬টা নৱজাতকৰ তথ্য বিশ্লেষণ কৰা হৈছিল। গৱেষকসকলে গড় উষ্ণতা জুখিবলৈ যোৱাৰ পৰিৱৰ্তে ইণ্ডিয়া হিট ইণ্ডেক্স ব্যৱহাৰ কৰি ক্ৰমাগত ‘অসহ্যকৰ গৰম’ৰ দিনবোৰৰ সৈতে প্ৰতিটো গৰ্ভাৱস্থাৰ তুলনা কৰিছিল।
ফলাফলত দেখা গৈছে যে গৰ্ভাৱস্থাত তীব্ৰ গৰমৰ প্ৰতিটো অতিৰিক্ত ক্ৰমাগত দিনৰ বাবে কম ওজনৰ শিশু জন্ম হোৱাৰ সম্ভাৱনা প্ৰায় এক শতাংশ বৃদ্ধি পায়। গৰ্ভাৱস্থাৰ প্ৰথম তিনিমাহত গৰমৰ সংস্পৰ্শলৈ অহাটো অকাল প্ৰসৱ(প্ৰিটাৰ্ম বাৰ্থ)ৰ উচ্চ বিপদাশংকা দেখা গৈছিল, আনহাতে দ্বিতীয় তিনিমাহত গৰমৰ সংস্পৰ্শলৈ আহিলে কম ওজনৰ শিশু জন্ম হোৱা দিশটো পোহৰলৈ আহিছিল। ইউনিভাৰ্চিটী অৱ কুইন্সলেণ্ড-আইআইটি দিল্লী একাডেমী অৱ ৰিচাৰ্চ(ইউকইউআইডিএআৰ), আইআইটি দিল্লী আৰু ইউনিভাৰ্চিটি অৱ কুইন্সলেণ্ডৰ গৱেষকৰ নেতৃত্বত আৰু ইউএনএছডব্লিউ চিডনী, ইউনিভাৰ্চিটী অৱ এক্সটাৰ আৰু কোৰিয়া ইউনিভাৰ্চিটীৰ সহযোগত চলোৱা এই অধ্যয়নটোৱে ইংগিত দিয়ে যে পাৰ্বত্য অঞ্চলৰ মহিলাসকল দীৰ্ঘদিনীয়া গৰমৰ সৈতে খাপ খাই ল’ব নোৱাৰাৰ বাবেই এই প্ৰভাৱ বেছি হ’ব পাৰে।
মুখ্য লেখিকা বিনীতা ভিনচেণ্টে কয় যে, অভাৱনীয় গ্ৰীষ্ম প্ৰবাহ এতিয়া গৰ্ভাৱস্থাত কেৱল এক পাৰিপাৰ্শ্বিক পটভূমি হিচাপে গণ্য কৰিব নোৱাৰি। ভিনচেণ্টে সতৰ্ক কৰি দি কয় যে জলবায়ু পৰিৱৰ্তনৰ বাবে দীৰ্ঘদিনীয়া আৰু সঘনাই হোৱা গ্ৰীষ্ম প্ৰবাহে স্পৰ্শকাতৰ মাতৃসকলক অসমানুপাতিকভাৱে প্ৰভাৱিত কৰিব পাৰে। সহ-লেখক নিকোলাছ জে অছবৰ্নে কয় যে, ভাৰতৰ হিট একচন প্লেনসমূহত গৰ্ভৱতী মহিলাসকলক স্পষ্টভাৱে অগ্ৰাধিকাৰ প্ৰাপ্ত গোট হিচাপে স্বীকৃতি দিব লাগে। ইয়াত শৰীৰ শীতল কৰাৰ উপায়, হাইড্ৰেচন আৰু গৰ্ভকালীন যত্ন-চিকিত্সা শক্তিশালী কৰাৰ দৰে ব্যৱহাৰিক পদক্ষেপ অন্তৰ্ভুক্ত কৰিব লাগে।
এই ফলাফলসমূহ গুৱাহাটী আৰু সামগ্ৰিকভাৱে অসমৰ বিশেষ অঞ্চলৰ বাবে যথেষ্ট প্ৰাসংগিক, য’ত গ্ৰীষ্মকালত উষ্ণতা বৃদ্ধি আৰু দীৰ্ঘদিন ধৰি আদ্ৰ বা অতিমাত্ৰা গৰম হোৱাটো ক্ৰমাৎ সাধাৰণ ঘটনা হৈ পৰিছে। জনস্বাস্থ্য বিশেষজ্ঞসকলে কয় যে এই অধ্যয়নে মাতৃ স্বাস্থ্যসেৱা, শৰীৰ শীতল কৰা ব্যৱস্থা, হাইড্ৰেচনকেন্দ্ৰিক সামগ্ৰী আৰু গৰম সম্পৰ্কীয় সজাগতা অভিযানৰ চাহিদা বৃদ্ধি কৰিব পাৰে। ইয়াৰ লগতে হাস্পতাল, স্বাস্থ্যসেৱা প্ৰদানকাৰী আৰু চৰকাৰী সংস্থাসমূহক দীৰ্ঘদিনীয়া গ্ৰীষ্ম প্ৰবাহৰ সময়ত গৰ্ভৱতী মহিলাসকলক সুৰক্ষিত কৰাৰ বাবে প্ৰস্তুতি শক্তিশালী কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে।
উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া ৰাজ্যসমূহত গ্ৰীষ্ম প্ৰবাহে গৰ্ভাৱস্থাত অধিক বিপদাশংকা কঢ়িয়াই আনিব পাৰে, অধ্যয়নত প্ৰকাশ
