স্বাস্থ্যকৰ খাদ্যৰ জনপ্ৰিয়তা বাঢ়িছে ফ্লিপকাৰ্টত; পুষ্টি শিতানত ব্যৱসায় ৫০% বৃদ্ধি

ভাৰতৰ স্বদেশী ই-কমাৰ্চ প্ৰতিষ্ঠান ফ্লিপকাৰ্টে নিজৰ খাদ্য আৰু পুষ্টি শিতানত বছৰি ৫০ শতাংশ বৃদ্ধিৰ কথা প্ৰকাশ কৰিছে। মূলতঃ জেন জি গ্ৰাহক আৰু দ্বিতীয় তথা তৃতীয় শ্ৰেণীৰ চহৰসমূহৰ ক্ৰেতাসকলৰ বাবেই এই বৃদ্ধি সম্ভৱ হৈছে, যিয়ে ভাৰতীয়সকলৰ খাদ্য গ্ৰহণৰ অভ্যাসত অহা এক ডাঙৰ পৰিৱৰ্তনৰ ইংগিত দিয়ে। ই-কমাৰ্চ প্ৰতিষ্ঠানটোৱে জনোৱা মতে, এই শিতানৰ মুঠ চাহিদাৰ ২৫ শতাংশ ফ্লিপকাৰ্ট মিনিটছ-ৰ জৰিয়তে আহিছে। আনহাতে, মহানগৰীৰ বাহিৰৰ বজাৰসমূহৰ পৰা মুঠ চাহিদাৰ ৬৫ শতাংশ আহিছে, যিয়ে ডাঙৰ চহৰৰ বাহিৰেও আন অঞ্চলত স্বাস্থ্যকৰ আৰু প্ৰিমিয়াম খাদ্য সামগ্ৰীৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাক প্ৰতিফলিত কৰে।  কোম্পানীটোৱে জনাইছে যে, জেন জি প্ৰজন্মৰ গ্ৰাহকৰ ক্ষেত্ৰত বছৰি ৬০ শতাংশ বৃদ্ধি দেখা গৈছে। এইসকল গ্ৰাহকৰ মাজত প্ৰ’টিন অ’টচ, প্ৰ’টিন পিনাট বাটাৰ, গৰমেট চকলেট আৰু প্ৰ’টিন মিউচলি আদি সামগ্ৰীৰ প্ৰচুৰ চাহিদা দেখা গৈছে।

তদুপৰি, স্বাস্থ্যকৰ বিকল্প যেনে— ক’ল্ড প্ৰেছড তেল, অলিভ তেল, খাঁটি ঘিঁউ, প্ৰিমিয়াম শুকান ফল আৰু খেজুৰ আদিৰ সন্ধান যোৱা এটা বছৰত ৮০ শতাংশ বৃদ্ধি পাইছে। ফ্লিপকাৰ্টৰ মতে, স্বাস্থ্যৰ প্ৰতি সচেতনতা বৃদ্ধি, ডিজিটেল মাধ্যমৰ জৰিয়তে নতুন সামগ্ৰীৰ সন্ধান আৰু ক্ৰিয়েটৰসকলৰ পৰামৰ্শৰ বাবেই এই ট্ৰেণ্ড গঢ়ি উঠিছে।এই সন্দৰ্ভত ফ্লিপকাৰ্টৰ এফএমচিজি আৰু জেনেৰেল মাৰ্চেণ্ডাইজ শাখাৰ উপাধ্যক্ষ নিশান্ত দালালে কয় যে, মহানগৰ আৰু ভাৰতৰ গ্ৰাম্য তথা অৰ্ধ-চহৰীয়া অঞ্চলৰ গ্ৰাহকসকলে এতিয়া খাদ্য বাছনিৰ ক্ষেত্ৰত অধিক সচেতন হৈ পৰিছে। ডিজিটেল বাণিজ্যই স্বাস্থ্যকৰ সামগ্ৰীসমূহ সহজলভ্য কৰি তুলিছে আৰু সকলো পৰিসৰৰ ব্ৰেণ্ডসমূহক সহায় কৰিছে। গুৱাহাটী মহানগৰীত এই ধাৰাই ই-কমাৰ্চৰ জৰিয়তে প্ৰিমিয়াম পুষ্টি সামগ্ৰী আৰু স্বাস্থ্যকৰ পাকঘৰৰ সামগ্ৰী বিচৰা গ্ৰাহকসকলৰ বাবে বৰ্ধিত সুযোগৰ ইংগিত দিছে। অসম আৰু উত্তৰ-পূবৰ অন্যান্য প্ৰান্তত ডিজিটেল মাধ্যমৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে গুৱাহাটীয়ে স্বাস্থ্য-সচেতন খাদ্য ব্ৰেণ্ড, কুইক কমাৰ্চ সেৱা আৰু নতুন সামগ্ৰীৰ মুকলিৰ পৰা লাভৱান হ’বলৈ সক্ষম হ’ব। ইয়াৰ ফলত নগৰীয়া পৰিয়াল আৰু স্বাস্থ্য-সচেতন যুৱ ক্ৰেতাসকলে পচন্দৰ অধিক সুযোগ পাব।

ফ্লিপকাৰ্ট ফুড ফেষ্ট ৩.০ৰ সৈতে সংগতি ৰাখি এই ঘোষণা কৰা হৈছে, য’ত ৫০তকৈও অধিক খাদ্য আৰু পানীয় ব্ৰেণ্ড, ১০০০ তকৈও অধিক ক্ৰিয়েটৰ, চেলিব্ৰিটী চেফ আৰু মনোৰঞ্জনকাৰীক একত্ৰিত হৈছিল। এই উৎসৱত ১০তকৈও অধিক নতুন সামগ্ৰী মুকলি কৰাৰ লগতে আকৰ্ষণীয় ব্ৰেণ্ড অভিজ্ঞতা আৰু সুকীয়া ফুড জ’নৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰ লগতে ৭ জুলাইৰ পৰা ১৫ জুলাইলৈ চলি থকা ইন-এপ চেলৰ জৰিয়তে সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলক বিশেষ ৰেহাই আৰু নতুন সামগ্ৰী আগবঢ়োৱা হৈছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *