কৰ্কট ৰোগৰ চিকিৎসা সলনি কৰা নিখুঁত ঔষধৰ নতুন অগ্ৰগতিৰ ওপৰত আলোকপাত মেদান্তাৰ

যোৱা এটা দশকত কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰখনত আকস্মিক পৰিৱৰ্তন ঘটিছে, যাৰ ফলত ৰোগীসকলে অধিক ব্যক্তিগতকৃত আৰু কাৰ্যকৰী চিকিৎসাৰ বিকল্প লাভ কৰিবলৈ সক্ষম হৈছে। ২০২৬ বৰ্ষত নিউজউইক আলোচনীৰ দ্বাৰা ভাৰতৰ সৰ্বশ্ৰেষ্ঠ চিকিৎসালয়ৰ মৰ্যাদা লাভ কৰা গুৰুগ্ৰামস্থিত মেদান্তা – দ্য মেডিচিটীৰ কৰ্কট ৰোগ বিশেষজ্ঞসকলে কয় যে, প্ৰিচিচন মেডিচিন অৰ্থাৎ এনে এক চিকিৎসা পদ্ধতি যিয়ে প্ৰতিজন ৰোগীৰ কেন্সাৰৰ অনন্য জৈৱিক আৰু জিনীয় বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি চিকিৎসা প্ৰস্তুত কৰে—যিয়ে কৰ্কট ৰোগৰ চিকিৎসাত বৈপ্লৱিক পৰিৱৰ্তন আনিছে। প্ৰতিজন ব্যক্তিৰ টিউমাৰৰ বৈশিষ্ট্যৰ সৈতে সংগতি ৰাখি চিকিৎসা প্ৰদানৰ জৰিয়তে চিকিৎসকে চিকিৎসাৰ ফলাফল উন্নত কৰাৰ লগতে অপ্ৰয়োজনীয় পাৰ্শ্বক্ৰিয়া হ্ৰাস কৰিবলৈ আৰু জীৱনৰ মানদণ্ড অটুট ৰাখিবলৈ সক্ষম হৈছে। মেদান্তা গুৰুগ্ৰাম হাস্পতালৰ মেডিকেল অংক’লজী বিভাগৰ সিনিয়ৰডিৰেক্টৰ ডাঃ কুঞ্জহৰি মেধি ডাঙৰীয়াই কয় যে, কৰ্কট ৰোগৰ চিকিৎসা এতিয়া আৰু সকলোৰে বাবে একেই পুৰণি গতানুগতিক পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰি থকা নাই। তেওঁ সহজভাৱে বাখ্যা কৰি কয় যে, “আজিকালি কৰ্কট ৰোগৰ চিকিৎসা ক্ৰমান্বয়ে অধিক নিখুঁত আৰু নিৰ্দিষ্ট হৈ পৰিছে। টিউমাৰৰ ভিতৰত থকা নিৰ্দিষ্ট জৈৱিক মাৰ্কাৰ আৰু জিনীয় লক্ষণসমূহ চিনাক্ত কৰি আমি এনে চিকিৎসা বাছি ল’ব পাৰোঁ যিবোৰ অধিক কাৰ্যকৰী, কম বিষাক্ত আৰু প্ৰতিজন ৰোগীৰ বাবে আটাইতকৈ উপযুক্ত। ই আমাক চিকিৎসাৰ ফলাফল উন্নত কৰাত সহায় কৰাৰ লগতে ৰোগীসকলক চিকিৎসাৰ সময়ছোৱাত উন্নত মানদণ্ডৰ জীৱন যাপন কৰাত সহায় কৰে।”

তেওঁ লগতে কয় যে, মলিকিউলাৰ প্ৰফাইল আৰু জিন’মিক টেষ্টিং অথবা জিনীয় পৰীক্ষাৰ উন্নতিয়ে অংক’লজিষ্টসকলক প্ৰতিটো টিউমাৰৰ জৈৱিক দিশটো ভালদৰে বুজি পোৱাত সহায় কৰিছে, যাৰ ফলত প্ৰতিজন ৰোগীৰ ৰোগ অনুসৰি চিকিৎসা প্ৰদান কৰিব পৰা গৈছে। এই ব্যক্তিগতকৃত পদ্ধতিয়ে চিকিৎসাকসকলক এনে কিছুমান থেৰাপী বাছি ল’বলৈ সক্ষম কৰিছে যিবোৰ কাৰ্যকৰী হোৱাৰ সম্ভাৱনা বেছি আৰু যিমান সম্ভৱ অপ্ৰয়োজনীয় চিকিৎসা এৰাই চলিব পৰা যায়। শেহতীয়া বছৰবোৰত এক গুৰুত্বপূৰ্ণ অগ্ৰগতি হৈছে ইমিউন’থেৰাপী, যি হৈছে এনে এক চিকিৎসা যিয়ে শৰীৰৰ নিজৰ ৰোগ প্ৰতিৰোধ প্ৰণালীক কৰ্কট কোষবোৰ চিনাক্ত কৰিবলৈ আৰু ধ্বংস কৰিবলৈ সহায় কৰে। টিউমাৰক পোনপটীয়াকৈ আক্ৰমণ কৰা পৰম্পৰাগত চিকিৎসাৰ বিপৰীতে ইমিউন’থেৰাপীয়ে শৰীৰৰ প্ৰাকৃতিক প্ৰতিৰক্ষা ব্যৱস্থাক শক্তিশালী কৰে, যাৰ ফলত ৰোগ প্ৰতিৰোধকাৰী কোষবোৰে কৰ্কট ৰোগৰ বিৰুদ্ধে অধিক কাৰ্যকৰীভাৱে যুঁজিব পাৰে। নিৰ্বাচিত ৰোগীৰ ক্ষেত্ৰত ই দীৰ্ঘম্যাদী সুফল আৰু জীৱনৰ হাৰ উন্নত কৰিছে। তেওঁ উল্লেখ কৰে যে, বৰ্তমান হাওঁফাওঁ, বৃক্ক, কল’ৰেক্টেল, যকৃত, স্তন, পাকস্থলী, মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগৰ লগতে মেলানোমাসহ কেইবাটাও কৰ্কট ৰোগৰ চিকিৎসাত ইমিউন’থেৰাপী সফলতাৰে ব্যৱহাৰ কৰা হৈছে। আন এক ডাঙৰ সাফল্য হৈছে টাৰ্গেটেড থেৰাপী আৰু এণ্টিবডী-ড্ৰাগ কনজুগেটছ(এডিচি)ৰ বিকাশ। এই উন্নত চিকিৎসাসমূহত কৰ্কট কোষবোৰ চিনাক্ত কৰিবলৈ আৰু সেইবোৰলৈ পোনপটীয়াকৈ শক্তিশালী কৰ্কট ৰোগ প্ৰতিৰোধী ঔষধ প্ৰেৰণ কৰিবলৈ বিশেষভাৱে প্ৰস্তুত কৰা এণ্টিবডী ব্যৱহাৰ কৰা হয়। এই লক্ষ্যভিত্তিক পদ্ধতিয়ে সুস্থ কোষ বা কলাসমূহৰ ক্ষতি নূন্যতম কৰাত সহায় কৰে, যাৰ ফলত পৰম্পৰাগত কেমোথেৰাপীৰ সৈতে জড়িত বহুতো পাৰ্শ্বক্ৰিয়া হ্ৰাস পায়।

জ্যেষ্ঠ সঞ্চালকজনে লগতে কয় যে, “প্ৰিচিচন মেডিচিনে আমাৰ কৰ্কট ৰোগৰ চিকিৎসাৰ ধৰণ সলনি কৰি দিছে। প্ৰতিজন ৰোগীক একে চিকিৎসাৰ পৰিৱৰ্তে এতিয়া আমাৰ হাতত টিউমাৰৰ জৈৱিক গঠনৰ সৈতে মিলাই থেৰাপী প্ৰদান কৰাৰ সামৰ্থ্য আছে। ই কেৱল সফল চিকিৎসাৰ সম্ভাৱনাই বৃদ্ধি নকৰে, বৰঞ্চ বহু ৰোগীক চিকিৎসাৰ সৈতে জড়িত কম জটিলতাৰে নিজৰ দৈনন্দিন জীৱন চলাই নিয়াত সহায় কৰে।” প্ৰাৰম্ভিক পৰ্যায়ত ৰোগ ধৰা পেলোৱাৰ গুৰুত্বৰ ওপৰত জোৰ দি তেওঁ কয় যে, নিয়মীয়া স্ক্ৰীনিং আৰু দীৰ্ঘদিনীয়া লক্ষণসমূহৰ সময়মতে চিকিৎসীয় মূল্যায়নৰ জৰিয়তে এতিয়া বহুতো কৰ্কট ৰোগ প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পেলাব পৰা যায়। তেওঁ উল্লেখ কৰে যে, “যেতিয়া কৰ্কট ৰোগ সোনকালে ধৰা পৰে, তেতিয়া চিকিৎসা প্ৰায়ে কম জটিল হয় আৰু সফলতাৰে আৰোগ্য লাভৰ সম্ভাৱনা যথেষ্ট বেছি হয়।” জ্যেষ্ঠ সঞ্চালকজনে লগতে উল্লেখ কৰে যে, প্ৰিচিচন মেডিচিনৰ উন্নতিয়ে কৰ্কট ৰোগৰ চিকিৎসাত পৰিৱৰ্তন আনিছে যদিও সৰ্বোত্তম ফলাফল লাভ কৰাৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত ৰোগ নিৰ্ণয় কৰাটো আজিও অত্যন্ত গুৰুত্বপূৰ্ণ। তেওঁ সাধাৰণ ৰাইজক অনুৰোধ জনায় যে কোনো ধৰণৰ দীৰ্ঘদিনীয়া লক্ষণ যেনে—অপ্ৰত্যাশিতভাৱে ওজন হ্ৰাস, দীৰ্ঘদিনীয়া কাহ, অস্বাভাৱিক ৰক্তক্ষৰণ বা কোনো ধৰণৰ টেমুনা ওলোৱাটো আওকাণ কৰিব নালাগে আৰু সময়মতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ বাসিন্দাসকলে ২৮ জুনত ছানভেলী হাস্পতাল(জি এছ ৰোড মথুৰা নগৰ, বৰমটৰীয়া, গুৱাহাটী, অসম-৭৮১০২২)ত ডাঃ কুঞ্জহৰি মেধিক সাক্ষাৎ কৰি পৰামৰ্শ ল’ব পাৰিব।

এপইণ্টমেণ্টৰ বাবে ফোন নম্বৰ: +91 7638 826 770 আৰু +91 97744 77521।

মেদান্তাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত চিকিৎসা সেৱাৰ সহজলভ্যতা উন্নত কৰাৰ বাবে এটা সমৰ্পিত হেল্পলাইন নম্বৰ— +91 8904395588 মুকলি কৰিছে, য’ত অসমীয়া, বঙালী, নাগামিজ, ইংৰাজী আৰু হিন্দী ভাষাত সহায় আগবঢ়োৱা হ’ব। এই সেৱা পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ উপলব্ধ থাকে আৰু ইয়াৰ জৰিয়তে চিকিৎসক বাছনি আৰু এপইণ্টমেণ্ট লোৱাত সহায়ক হ’ব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *