পূৰ্বে মেক্স লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেড নামেৰে পৰিচিত এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স লিমিটেড(“এক্সিছ মেক্স লাইফ” / “কোম্পানী”)-এ নিজৰ ধ্বজাবাহী ব্ৰেণ্ড অভিযান ‘ভৰোছা তুম হো’ৰ এক আকৰ্ষণীয় নতুন অধ্যায় উন্মোচন কৰিছে। এই প্ৰচাৰ অভিযানে নিজৰ আৱেগিক প্ৰতিক্ৰিয়া হিচাপে ‘বিশ্বাস’ক কেন্দ্ৰ কৰি গঢ়ি উঠিছে, যিয়ে একে সময়তে ব্যক্তিজনৰ পৰিয়ালৰ প্ৰাথমিক ৰক্ষক হিচাপে পালন কৰা ভূমিকাক আলোকপাত কৰিবলৈ আখ্যানটোক বিকশাই তুলিছে। সহজ, মানৱীয় কাহিনী কথনৰ জৰিয়তে এই অভিযানে ব্ৰেণ্ড এম্বেছাদৰ ৰোহিত শৰ্মা আৰু ঋত্বিকা সজদেহক চেলিব্ৰিটি হিচাপে নহয়, জীৱনৰ ভাগ-বতৰা কৰা দায়িত্বত চিত্ৰায়িত এক সম্পৰ্কীয় দম্পতী হিচাপে উপস্থাপন কৰা হৈছে। ই সঞ্চয়, সুৰক্ষা আৰু অৱসৰ শ্ৰেণীসমূহত এক বিশ্বস্ত অংশীদাৰ হিচাপে এক্সিছ মেক্স লাইফৰ স্থিতি শক্তিশালী কৰে। এক্সিছ মেক্স লাইফৰ সঞ্চালক তথা মুখ্য বিপণন বিষয়া ৰাহুল তালৱাৰে কয় যে, “এই প্ৰচাৰ অভিযানৰ জৰিয়তে আমাৰ উদ্দেশ্য স্পষ্ট হৈ আছে: সুৰক্ষাক সম্পৰ্কিত কৰি তোলাহে, প্ৰতিশ্ৰুতি দিয়া নহয়, প্ৰমাণিত বিশ্বাসৰ ওপৰত আধাৰিত কৰি তোলা।” বিভিন্ন দিশৰ পৰা সুৰক্ষাৰ গুৰুত্ব ধৰি ৰখা দুখন অমায়িক ছবিৰ দ্বাৰা এই প্ৰচাৰ অভিযান ফুটাই তোলা হৈছে।
প্ৰথম বিষয়ভিত্তিক প্ৰচাৰ চলচ্চিত্ৰখনে এক ঘনিষ্ঠ, বাস্তৱ-জীৱনৰ প্ৰসংগৰ ওপৰত আলোকপাত কৰে আৰু এটা শিশুক আদৰণি জনোৱাৰ নিভাঁজ, আৱেগিক যাত্ৰাক বন্দী কৰে, ৰোহিত শৰ্মক নতুন বয়সৰ পিতৃ হিচাপে উপস্থাপন কৰা হৈছে। ‘প্ৰদানকাৰী “ৰ পৰম্পৰাগত ভূমিকাৰ বাহিৰেও, ৰোহিত শৰ্মাই এজন নিঃস্বাৰ্থ যত্নশীল দেউতাকক প্ৰতিনিধিত্ব কৰে, যি এজন ক্ৰিকেটাৰৰ দৰে সমান অৱদানকাৰী আৰু প্ৰতিপালনকাৰী। দ্বিতীয় চলচ্চিত্ৰখনে ভাৰতৰ আটাইতকৈ ডাঙৰ আবেগ-ক্ৰিকেট আৰু চিনেমাৰ এক বিৰল সাংস্কৃতিক সংযোগক একত্ৰিত কৰিছে। এই অভিযানত ৰোহিত আৰু ঋত্বিকাৰ সৈতে দক্ষিণ ভাৰতীয় অভিনেতা আল্লু ছিৰিশক এক মনোৰঞ্জনমূলক আখ্যানত চিনাকি কৰাই দিয়া হৈছে, যিয়ে ক্ৰিকেটৰ জগতখনক চলচ্চিত্ৰ জগতৰ সজীৱ ধাৰাৰে সেতুবন্ধন কৰিছে। সাত সপ্তাহৰ এই মিডিয়া আউটৰিচ্চে টেলিভিছন (নিউজ, সাধাৰণ মনোৰঞ্জন চেনেল আৰু আঞ্চলিক চেনেল), ইউটিউব আৰু মেটাৰ কোটি কোটি দৰ্শকৰ কাষ চপাই নিব। জানুৱাৰী-মাৰ্চ (জেএফএম) ত্ৰৈমাসিকৰ গুৰুত্বপূৰ্ণ সময়ছোৱাত আৰম্ভ হোৱা এই অভিযানৰ লক্ষ্য হৈছে ব্ৰেণ্ড ৰিকল বৃদ্ধি কৰা আৰু গ্ৰাহকৰ জীৱনৰ সকলো পৰ্যায়তে এক্সিছ মেক্স লাইফৰ বিশ্বাসযোগ্য অংশীদাৰ হিচাপে নিজৰ স্থান শক্তিশালী কৰা।
