ইউজিচিৰ নতুন নিয়মাৱলীৰ ওপৰত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত জাতিগত বৈষম্য ৰোধৰ বাবে গ্ৰহণ কৰা এক বিতৰ্কিত পদক্ষেপে বৰ্তমান আইনী জটিলতাৰ সৃষ্টি কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগে শেহতীয়াকৈ জাৰি কৰা ২০২৬ চনৰ নতুন নিৰ্দেশনাৰ ওপৰত বৃহস্পতিবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰ আৰু ইউজিকিক এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, ‘প্ৰমোচন অৱ ইকুইটি ইন হায়াৰ এডুকেশ্যন ইনষ্টিটিউচন ৰেগুলেশ্যন, ২০২৬’ নামৰ এই নতুন নিয়মাৱলীৰ বিৰুদ্ধে দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ‘সাধাৰণ শ্ৰেণী’ৰ শিক্ষাৰ্থীসকলে। তেওঁলোকৰ মতে, কেৱল অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীক সামৰি লোৱা এই নিয়মে সমাজত বিভাজন সৃষ্টি কৰাৰ থল আছে। উচ্চতম ন্যায়ালয়েও পৰ্যবেক্ষণ কৰিছে যে এই নিয়মাৱলীৰ অপব্যৱহাৰ হ’লে সমাজত ইয়াৰ প্ৰভাৱ ভয়ংকৰ হ’ব পাৰে।

ইফালে নতুন নিয়ম অনুসৰি প্ৰতিখন বিশ্ববিদ্যালয়তে ‘ইকুইটি কমিটী’ আৰু ‘ইকুইটি স্কোৱাড’ গঠন কৰাটো বাধ্যতামূলক কৰা হৈছিল। ৰোহিত ভেমুলা আৰু পায়েল তাদভিৰ মাতৃয়ে দাখিল কৰা এক আবেদনৰ ভিত্তিত ২০১২ চনৰ নিৰ্দেশনাৱলী অধিক কাৰ্যকৰী কৰিবলৈ এই নতুন বিধি প্ৰস্তুত কৰা হৈছিল। কিন্তু সাধাৰণ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে যে এই নিয়মে তেওঁলোকক প্ৰতিষ্ঠানিক সুৰক্ষাৰ পৰা বঞ্চিত কৰাৰ লগতে মিছা গোচৰৰ সম্ভাৱনা বৃদ্ধি কৰিছে।

উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক বিভিন্ন ৰাজনৈতিক দল আৰু ছাত্ৰ সংগঠনে আদৰণি জনাইছে। সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেশ যাদৱৰ লগতে কংগ্ৰেছৰ সাংসদ প্ৰমোদ তিৱাৰীয়েও আদালতৰ এই স্থিতিৰ প্ৰশংসা কৰিছে। স্থগিতাদেশ বাহাল থকাৰ সময়ছোৱাত complainants সকলে যাতে অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে ইউজিকিক ২০১২ চনৰ পুৰণি বৈষম্য বিৰোধী নিয়মাৱলী বাহাল ৰাখিবলৈ নিৰ্দেশ দিছে শীৰ্ষ আদালতে।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *