প্ৰয়াগৰাজত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ুসেনাৰ প্ৰশিক্ষণ বিমানঃ কথমপি প্ৰাণৰক্ষা পাইলটৰ

মধ্য আকাশত দেখা দিয়া যান্ত্ৰিক বিজুতিৰ বাবেই এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ল ভাৰতীয় বায়ু সেনাৰ এখন প্ৰশিক্ষণ বিমান। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ জৰ্জ টাউন অঞ্চলৰ কে পি কলেজ খেলপথাৰৰ সমীপত থকা এটা পুখুৰীত আজি দুৰ্ঘটনাগ্ৰস্ত হয় প্ৰশিক্ষণ বিমানখন। উল্লেখ্য যে, এই দুৰ্ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে পাইলটৰ।

উপ-আৰক্ষী আয়ুক্ত মনীষ শাণ্ডিল্যই সংবাদ মাধ্যমক জনোৱা মতে, বিমানখনৰ ইঞ্জিনত হঠাতে কাৰিকৰী বিজুতি ঘটাৰ বাবে পাইলটগৰাকীয়ে সুকলমে ইজেক্ট কৰি নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়। এই দুৰ্ঘটনাত কোনো সাধাৰণ নাগৰিকৰ হতাহতি বা সা-সম্পত্তিৰ ক্ষতি হোৱা নাই। বৰ্তমান আৰক্ষী আৰু বায়ুসেনাৰ বিষয়া উপস্থিত হৈ সমগ্ৰ এলেকাটো পৰ্যবেক্ষণ কৰিছে।

বায়ুসেনাৰ বিশেষজ্ঞৰ দল এটাই ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। যান্ত্ৰিক বিজুতিৰ প্ৰকৃত কাৰণ জানিবলৈ বিমানখনৰ ভগ্নাংশসমূহ পৰীক্ষা কৰি থকা হৈছে। জিলা প্ৰশাসনৰ সহযোগত পুখুৰীৰ পৰা দুৰ্ঘটনাগ্ৰস্ত বিমানখন উদ্ধাৰ কৰাৰ প্ৰক্ৰিয়াও অব্যাহত আছে।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *