গাড়ীৰ দামতকৈও অধিক জৰিমনা! অবৈধ চাইলেন্সাৰ ব্যৱহাৰ কৰি ১.১১ লাখ টকা ভৰিলে ছাত্ৰই

মহানগৰীৰ ৰাজপথত বিকট শব্দ কৰি চলাই থকা এখন বিশেষ বাহনৰ বিৰুদ্ধে এইবাৰ বেংগালুৰু আৰক্ষীয়ে গ্ৰহণ কৰিলে এক নজিৰবিহীন কঠোৰ পদক্ষেপ। ৰাজহুৱা শান্তি বিঘ্নিত কৰা আৰু বাহনৰ চাইলেন্সাৰ অবৈধভাৱে পৰিৱৰ্তন কৰাৰ অপৰাধত হেনুৰ ট্ৰেফিক আৰক্ষীয়ে কেৰালাৰ এজন ছাত্ৰক ১.১১ লাখ টকাৰ বৃহৎ জৰিমনা বিহে। আশ্চৰ্যজনক কথাটো হ’ল যে, যিখন গাড়ীৰ বাবে এই জৰিমনা বিহা হৈছে, বজাৰত সেই বাহনখনৰ বৰ্তমান মূল্য মাত্ৰ ৭০ হাজাৰ টকা।

যোৱা ২ জানুৱাৰীত ভাৰতীয় চিটিৰ সমীপৰ হেনুৰ ৰোডত এই ছাত্ৰজনে চলাই থকা বাহনখনৰ চাইলেন্সাৰৰ পৰা বিকট শব্দৰ লগতে জুইৰ ফিৰিঙতি ওলাই থকাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। ইয়াৰ পাছতে সক্ৰিয় হৈ পৰা আৰক্ষীয়ে বাহনখন জব্দ কৰে আৰু সমগ্ৰ বিষয়টো আঞ্চলিক পৰিবহণ কাৰ্যালয়লৈ প্ৰেৰণ কৰে। আৰটিঅ’ৰ পৰীক্ষাত ধৰা পৰে যে মটৰ বাহন আইন উলংঘা কৰি বাহনখনত অবৈধভাৱে চাইলেন্সাৰ সংলগ্ন কৰা হৈছিল, যিয়ে পথচাৰীৰ মাজত আতংকৰ সৃষ্টি কৰিছিল।

জানিব পৰা মতে, একাংশ ৰাজনীতিবিদে সামান্য জৰিমনা লৈ বাহনখন এৰি দিবলৈ আৰক্ষীক হেঁচা প্ৰয়োগ কৰিছিল যদিও নিজৰ স্থিতিত অটল থাকে মহানগৰ আৰক্ষী। অৱশেষত বুধবাৰে ছাত্ৰজনে ১,১১,৫০০ টকাৰ সৰ্বাধিক জৰিমনা পৰিশোধ কৰাৰ পাছতহে বাহনখন মুকলি কৰি দিয়া হয়। আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, এই পদক্ষেপে নিয়ম উলংঘাকাৰীসকললৈ এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিব আৰু এনে কাৰ্যৰ বিৰুদ্ধে বেংগালুৰু আৰক্ষীয়ে ভৱিষ্যতেও ‘জিৰ’ টলাৰেন্স’ নীতি গ্ৰহণ কৰিব।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *