শৰৎ মানেই শেৱালিৰ সুবাস!অপূৰ্ব গোন্ধৰ অধিকাৰী এই ফুলৰো আছে অনেক উপকাৰিতা

শেৱালী ফুলৰ সুবাসেৰে আমোলমোলাইছে চৌদিশ, অপূৰ্ব গোন্ধৰ অধিকাৰী এই ফুলৰো আছে অনেক উপকাৰিতা।শেৱালী ফুল কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই নহয়, কিন্তু ইয়াৰ ঔষধি গুণাগুণবোৰো অতি আশ্চৰ্যজনক, জাৰ্নেল অৱ মেডিচিনেল প্লান্টৰ অধ্যয়নৰ মতে, শেৱালী ফুলৰ পাত আৰু ৰসে তেজৰ প্ৰবাহ শৰীৰত সঠিকভাৱে ৰাখে আৰু তেজ পৰিষ্কাৰ কৰাত সহায় কৰে ৷ প্ৰকৃতিয়ে আমাক এনে বহু উপহাৰ দিছে যিবোৰে কেৱল পৰিৱেশ সেউজীয়া কৰি ৰখাই নহয়, স্বাস্থ্যৰ বাবেও অতি উপকাৰী বুলি গণ্য কৰা হয়।

শেৱালি ফুলৰ উপকাৰিতা-বয়স বৃদ্ধিৰ লগে লগে বাতবিষ হোৱাটো সাধাৰণ কথা, কিন্তু আজিকালি যুৱক-যুৱতীসকলেও এই সমস্যাৰ সন্মুখীন হৈছে। এনে অৱস্থাত শেৱালি ফুলৰ পাতৰ পৰা তেল উলিয়াই তাত নাৰিকল তেল কেইটোপালমান দিব। শেষত বিষ হোৱা ঠাইত এই তেল লগাব।যদি আপোনাৰ খজুৱতি বা ছালৰ আন কোনো সমস্যা আছে, তেনেহ’লে শেৱালী ফুলু ইয়াৰ চিকিৎসাত যথেষ্ট কাৰ্যকৰী ৷

শেৱালী গছৰ পাত আৰু বাকলিৰ নিষ্কাশনে মেলেৰিয়া, ডেংগু, চিকুণগুনিয়াৰ দৰে জ্বৰত শৰীৰৰ প্লেটলেট বৃদ্ধি কৰাত সহায়ক হয় ৷ শেৱালি ফুলৰ আঞ্জা খাবলৈ বৰ তৃপ্তিদায়ক । ইয়াৰ দ্বাৰা পাচনশক্তি বৃদ্ধি হয় ।ডায়েবেটিছ ৰোগীয়ে প্ৰতি মুহূৰ্ততে নিজৰ স্বাস্থ্যৰ বাবে চিন্তিত হৈ থাকে, এনে পৰিস্থিতিত শেৱালি ফুলৰ পাতৰ সহায় লব পাৰে, ইয়াৰ এন্টি-ডায়েবেটিক গুণ আছে যিয়ে উচ্চ তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। অৱশ্যে চিকিৎসকৰ পৰামৰ্শ মতেহে এই কাম কৰিব।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *