মাতৃ হ’বলৈ ওলাইছে কেটৰিনা কাইফ

অৱশেষত উৰাবাতৰি শেষ হ’ল। মাতৃ হ’বলৈ ওলাইছে কেটৰিনা কাইফ। বিগত এবছৰ ধৰি কেটৰিনাই মাতৃ হোৱা বুলি উৰাবাতৰিৰ বিয়পি পৰিছিল। মাহৰ পিছত মাহ ধৰি চলি অহা জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বলীউডৰ জনপ্ৰিয় দম্পতী কেটৰিণা কাইফ আৰু বিকী কৌশলে প্ৰথম সন্তানৰ আশা কৰা বুলি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে ।বছৰ বছৰ ধৰি ডেট কৰাৰ পিছত ২০২১ চনৰ ডিচেম্বৰ মাহত এক বৃহৎ অথচ অন্তৰংগ অনুষ্ঠানত বিবাহপাশত আবদ্ধ হোৱা দম্পতীটোৱে ইনষ্টাগ্ৰামৰ জৰিয়তে অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰে । তেওঁলোকৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁলোকে কেপশ্যনত লিখিছে, “আমাৰ জীৱনৰ শ্ৰেষ্ঠ অধ্যায়টো আনন্দ আৰু কৃতজ্ঞতাৰেপূৰ্ণ হৃদয়েৰে আৰম্ভ কৰাৰ পথত ।”বিকিআৰু কেটৰিনাৰ প্ৰেমে পূৰ্বে সকলোকে আচৰিত কৰিছিল। সম্পূৰ্ণ গোপনীয়তাৰ অধীনত কেট আৰু বিকিয়ে বিবাহপাশত আৱদ্ধ হয়। ২০২১ চনৰ ডিচেম্বৰ মাহত বিকি কৌশল আৰু কেটৰিনা কাইফে বিবাহপাশত আবদ্ধ হয়।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *