চনী ইণ্ডিয়াই আজি উন্মোচন কৰে ইউএলটি টাৱাৰ চাউণ্ড ছিৰিজৰ দ্বিতীয় প্ৰজন্মৰ সামগ্ৰীসূচী। নতুন ৰেঞ্জত ৱায়াৰলেছ পাৰ্টী স্পীকাৰ ইউএলটি টাৱাৰ ৯ আৰু ইউএলটি টাৱাৰ ৯এচি, ৱায়াৰলেছ ব্লুটুথ স্পীকাৰ ইউএলটি ফিল্ড ৫ আৰু ইউএলটি ফিল্ড ৩ আৰু ৱায়াৰলেছ ডুৱেল মাইক, ইউএলটিএমআইচি১ আছে। এই ছিৰিজৰ সকলো স্পীকাৰতে শক্তিশালী বেছৰ বাবে ইউএলটি বুটাম অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে এটা বা দুটা ভিন্ন চাউণ্ড মোডৰ সৈতে সংগীত বৃদ্ধি কৰি মানসম্পন্ন শব্দ প্ৰদান কৰে।
চনী ইণ্ডিয়াৰ পৰিচালন সঞ্চালক সুনীল নায়াৰে ইউএলটি পাৱাৰ চাউণ্ডৰ অধীনত নতুন সামগ্ৰী মুকলিক লৈ নিজৰ উত্তেজনা প্ৰকাশ কৰি কয় যে “আমি আমাৰ গ্ৰাহকৰ বাবে শুনা অভিজ্ঞতাক ৰূপান্তৰিত কৰা অভিনৱ অডিঅ’ সামগ্ৰী ধাৰাবাহিকভাৱে প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ইউএলটি পাৱাৰ চাউণ্ড ছিৰিজৰ শেহতীয়া মুকলিয়ে এই দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে, শক্তিশালী বেছ আৰু প্ৰকৃতাৰ্থত নিমজ্জিত শব্দ প্ৰদান কৰিছে।” তেওঁ লগতে কয় যে, “আমি কৰণ ঔজলাক ইউএলটি ৰেঞ্জৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে অনব’ৰ্ড কৰি ৰোমাঞ্চিত হৈছোঁ। যুৱক-যুৱতীসকলৰ সৈতে নিজৰ শক্তিশালী সংযোগ আমাৰ ব্ৰেণ্ড আদৰ্শৰ সৈতে নিখুঁতভাৱে অনুৰণিত। আমি একেলগে প্ৰতিজন শ্ৰোতাৰ মাজলৈ লাইভ পৰিবেশনৰ উল্লাসিত অভিজ্ঞতা কঢ়িয়াই অনাৰ লক্ষ্য ৰাখিছো, এতিয়া ব্যৱহাৰকাৰীসকলে সংগীতৰ শক্তিক সঁচা অৰ্থত অনুভৱ কৰিব।”
চনী ইণ্ডিয়াৰ অডিঅ’ ব্ৰেণ্ড এম্বেছাদৰ কৰণ ঔজলাই কয় যে, ‘‘চনীৰ বৈপ্লৱিক ইউএলটি পাৱাৰ চাউণ্ড ছিৰিজৰ অংশ হ’বলৈ পাই মই উল্লাসিত হৈছোঁ। এই ছিৰিজৰ উত্কৃষ্ট অডিঅ’ ৰেঞ্জে সংগীত শুনাৰ ধৰণক ৰূপান্তৰিত কৰে, গভীৰ, আত্মাক আলোড়িত কৰা বেছ আৰু স্ফটিক-স্পষ্ট শব্দ প্ৰদান কৰে। মই ভ্ৰমণ কৰি থাকক বা ঘৰতে থাকক, আল্ট পাৱাৰ ছাউণ্ড সামগ্ৰীবোৰে প্ৰতিটো বিৱৰণ ধৰি ৰাখে আৰু শব্দৰ মানদণ্ড পূৰ্বৰ দৰে বৃদ্ধি কৰে।”
