টয়োটা কিৰ্লোস্কাৰ মটৰৰ ৬টা এয়াৰবেগসম্পন্ন ষ্টেণ্ডাৰ্ড আৰু নতুন সামগ্ৰীৰে ভৰপূৰ গ্লাঞ্জাৰ “প্রেস্টিজ এডিচন” মুকলি কৰাৰ কথা ঘোষণা

টয়োটা কির্লস্কাব মটবে (টিকেএম) টয়োটা গ্লাঞ্জাৰ সকলো ভেৰিয়েন্টতে ষ্টেণ্ডার্ড হিচাপে ছটা এয়াৰবেগ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই শেহতীয়া সন্নিৱিষ্টিকৰণে ভাৰতীয় অটো বজাৰত বৃদ্ধি পোৱা ট্রেণ্ডক প্রতিফলিত কৰিছে য’ত গ্রাহকৰ পছন্দ সুৰক্ষা সজ্জিত, মূল্য-চালিত মডেলৰ দিশে স্থানান্তৰিত হৈছে। গ্রাহকৰ আবেদন আৰু অধিক বৃদ্ধি কৰিবলৈ টিকেএমে সীমিত সময়ৰ ‘প্রেস্টিজ পেকেজ’ মুকলি কৰিছে। যি ২০২৫ চনৰ৩১ জুলাইলৈকে উপলব্ধ।

এই পেকেজটোত ডিলাব-ফিট কৰা আনুষংগিক সামগ্রী যেনে প্রিমিয়াম ড’ৰ ভাইজাৰ, ক্ৰ’ম-এচেন্টেড বডী মল্ডিং, আলোকিত ড’ৰ চিল আৰু পিছফালৰ স্কিড প্লেট আদি অন্তর্ভুক্ত কৰা হৈছে। যাৰ লক্ষ্য হৈছে নান্দনিকতা আৰু আবাম দুয়োটাই সমানে উন্নত কৰা। ছয় বছৰত দুলাখতকৈ অধিক বাহন বিক্ৰীৰ লগে লগে গ্লাঞ্জাই এতিয়াও শক্তিশালী প্রদর্শন আগবঢ়াই আছে। টয়োটাই ২২.৯৪ কিলোমিটাৰ/লিটাৰ (এএমটি) আৰু৩০.৬১ কিলোমিটাৰ/কিলোগ্রাম (চিএনজি) পর্যন্ত প্রদান কৰিছে আৰু ইয়াত ৯ইঞ্চিৰ ইনফ’টেইনমেন্ট চিষ্টেম, হেড-আপ ডিছপ্লে আৰু ৪৫ অধিক বৈশিষ্ট্যৰ সৈতে টয়োটা আই-কানেক্টৰ দৰে ছেগমেণ্টৰ অগ্রণী বৈশিষ্ট্যসমূহ অন্তর্ভুক্ত কৰা হৈছে।

ডিব্ৰুগড় চহৰতো সুৰক্ষিত আৰু প্রযুক্তি-সচেতন হেচবেকৰ বাবে গ্রাহকৰ চাহিদা বৃদ্ধি পাইছে। স্থানীয় ডিলাৰশ্বিপে উন্নত গ্লাঞ্জাই উন্নত প্রদর্শন কৰিব বুলি আশা কৰিছে। অতিৰিক্ত সুৰক্ষা বৈশিষ্ট্য আৰু আড়ম্বৰপূৰ্ণ নতুন পেকেজসমূহে যুৱ পেছাদাৰী আৰু পৰিয়ালসমূহক একেধৰণে আকৰ্ষিত কৰাৰ সম্ভাৱনা আছে। শেহতীয়া গাঞ্জা বাহনখন মূল্য ৬.৯০ লাখ টকা (এক্স-শ্ব’ৰুম)ৰ প্ৰাৰম্ভিক মূল্যত উপলব্ধ।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *