৬ জুলাইৰ পৰা কম্বোডিয়া আৰু মালয়েছিয়া ভ্ৰমণ আৰম্ভ কৰে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

আছিয়ান ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ কম্বোডিয়া আৰু মালয়েছিয়া দেশলৈ আনুষ্ঠানিক ভ্ৰমণসূচীৰে উৰা মাৰিলে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্পৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ৬ জুলাইত কম্বোডিয়াত উপস্থিত হৈ কেন্দ্ৰীয় বিদেশ ৰাজ্য মন্ত্ৰীগৰাকীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায় আৰু কম্বোডিয়াৰ গণ্যমান্য ব্যক্তিসকল, আইটিইচি আৰু আইচিচিআৰৰ প্ৰাক্তন শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে। ৭ জুলাইত মন্ত্ৰী মাৰ্ঘেৰিটাই কম্বোডিয়াৰ চিনেটৰ অধ্যক্ষ এইচ ই হুন চেন আৰু প্ৰধানমন্ত্ৰী এইচ ই হুন মানেটৰ সৈতে ভাৰত-কম্বোডিয়া উন্নয়ন অংশীদাৰিত্ব গভীৰ কৰাৰ পথসমূহৰ বিষয়ে আলোচনা কৰে। মহামহিম নৃপতি নৰোডম ছিহামণিৰ সৈতেও ৰাজকীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু সমগ্ৰ দেশবাসীৰ হৈ মন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমত নিজৰ অনুভৱ প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে লিখিছে যে, ‘বিনিময় সংস্কৃতিৰ ভেটিত গঢ়ি উঠা দুয়োখন দেশৰ মাজত চিৰস্থায়ী বন্ধুত্বক পুনৰ দৃঢ় কৰিলে।

৮ জুলাইত ৰাজপ্ৰসাদ ভ্ৰমণে সাংস্কৃতিক ঐতিহ্যৰ বিনিময়ৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল।  মন্ত্ৰীগৰাকীয়ে ৰামায়ণৰ ওপৰত ভিত্তি কৰা অংকিত চিত্ৰসমূহৰ প্ৰশংসা কৰে আৰু নিশ্চিত কৰে যে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে এইসমূহ পুনৰুদ্ধাৰত সহায় কৰিব। সমগ্ৰ অসমবাসীয়ে এই ভ্ৰমণক ৰাজ্যখনৰ ক্ৰমবৰ্ধমান সাংস্কৃতিক আৰু বস্ত্ৰ ৰপ্তানিৰ বাবে লাভৱান হোৱাৰ সম্ভাৱনাপূৰ্ণ কূটনৈতিক পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। আছিয়ানৰ সৈতে গভীৰ সম্পৰ্কই অসমীয়া ৰেচম আৰু হস্তশিল্পৰ চাহিদা বৃদ্ধি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে।

মন্ত্ৰী মাৰ্ঘেৰিটাই ১০ জুলাইত মালয়েছিয়াত আছিয়ান নেতৃত্বাধীন বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *