বাংলাদেশসহ ১৪ দেশৰ ওপৰত নতুন শুল্ক আৰোপ ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বাংলাদেশকে ধৰি ১৪খন দেশৰ ওপৰত নতুন শুল্ক হাৰ আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ট্ৰাম্পে এই দেশসমূহৰ নেতাসকললৈ প্ৰেৰণ কৰা পত্ৰখন ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি নতুন শুল্ক হাৰৰ বিষয়ে অৱগত কৰিছে। ট্ৰাম্পে লিখিছে-আপোনালোকৰ সৈতে আমাৰ সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰি এইটো পৰিৱৰ্তন হ’ব পাৰে।
ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ম্যানমাৰৰ ওপৰত ৪০ শতাংশ, থাইলেণ্ডৰ ওপৰত ৩৬ শতাংশ, বাংলাদেশৰ ওপৰত ৩৫ শতাংশ, ইণ্ডোনেছিয়াৰ ওপৰত ৩২ শতাংশ আৰু দক্ষিণ আফ্ৰিকাৰ ওপৰত ৩০ শতাংশ শুল্ক আৰোপ কৰাৰ উদ্দেশ্য পুনৰবাৰ উল্লেখ কৰিছে। লগতে ৯ জুলাইৰ পৰা কাৰ্যকৰী হ’বলগীয়া শুল্ক এতিয়া ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব বুলি ঘোষণা কৰিছে । ইয়াৰ পূৰ্বে ট্ৰাম্পে ৯ জুলাইৰ পৰা শুল্ক কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছিল।

উল্লেখ্য যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ম্যানমাৰ আৰু লাওছৰ ওপৰত ৪০ শতাংশ, থাইলেণ্ডৰ ওপৰত ৩৬ শতাংশ, বাংলাদেশ আৰু ছাৰ্বিয়াৰ ওপৰত ৩৫ শতাংশ, ইণ্ডোনেছিয়াৰ ওপৰত ৩২ শতাংশ,বছনিয়া-হাৰ্জেগোভিনা, দক্ষিণ আফ্ৰিকাৰ ওপৰত ৩০ শতাংশ আৰু টিউনিছিয়া, মালয়েছিয়া, কাজাখাস্তান, দক্ষিণ কোৰিয়া, জাপানৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *