আভিভা লাইফ ইঞ্চুৰেন্সে দুটা উল্লেখযোগ্য শাখা—জীৱন বীমা – ৰিটায়াৰমেণ্ট ইনকাম আৰু লাইফ ইঞ্চুৰেন্স – ইউএলআইপিত ২০২৫ বৰ্ষৰ সন্মানীয় প্ৰডাক্ট অৱ দ্য য়েৰ খিতাপ অৰ্জন কৰিছে। প্ৰডাক্ট অৱ দ্য য়েৰ ইণ্ডিয়াৰ ১৭ সংখ্যক সংস্কৰণৰ বাবে নীয়েলছনআইকিউৱে কৰা দেশজোৰা গ্ৰাহক সমীক্ষাৰ ভিত্তিত আভিভাক এই স্বীকৃতি প্ৰদান কৰা হৈছে।
আভিভা চিগনেশ্বাৰ ইনক্ৰিজিং ইনকাম প্লেন আৰু আভিভা চিগনেশ্বাৰ ইনভেষ্টমেণ্ট প্লেন-ৰ বাবে নিৰ্দিষ্ট খণ্ডসমূহৰ ভিতৰত আটাইতকৈ উদ্ভাৱনীমূলক হিচাপে ভোট লাভ কৰিছিল, যাৰ বাবে আভিভাক দুটাকৈ স্বীকৃতি প্ৰদান কৰা হয়। আভিভা ইণ্ডিয়াৰ চিইঅ’ আৰু এমডি অছিত ৰথে এই বিজয়ক প্ৰতিষ্ঠানটোৰ গ্ৰাহক-কেন্দ্ৰিক সামগ্ৰীৰ ডিজাইনৰ” শক্তিশালী বৈধতা “বুলি অভিহিত কৰে।
প্ৰডাক্ট অৱ দ্য য়েৰ ইণ্ডিয়াৰ চিইঅ’ ৰাজ অৰোৰাই এই বিষয়ত আলোকপাত কৰি কয় যে, আভিভাই গ্ৰাহক সামগ্ৰীৰ ভিৰ হৈ থকা ক্ষেত্ৰখনত থিয় দিছে, গ্ৰাহকসকলৰ বাবে “ভৱিষ্যতৰ বাবে সাজু বিত্তীয় সমাধান” প্ৰদানে আভিভাৰ আচল কৃতিত্ব। মুখ্য আৰু নিযুক্তিপ্ৰাপ্ত এচ্যুৱেৰী অজয় কুমাৰ ত্ৰিপাঠীয়ে এই বিষয়ে কয় যে, এই স্বীকৃতিয়ে গ্ৰাহকৰ গভীৰ অন্তৰ্দৃষ্টিৰ ভিত্তিত সহজ অথচ সুৰক্ষিত দীৰ্ঘম্যাদী বিত্তীয় সঁজুলি সৃষ্টিৰ প্ৰতি অভিভাৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
অৱসৰ পৰিকল্পনা আৰু ইউএলআইপিৰ বিষয়ে গুৱাহাটীৰ গ্ৰাহকৰ সজাগতা বৃদ্ধি পাইছে, বিত্তীয় পৰামৰ্শদাতাসকলে শেহতীয়া ঘোষণাৰ পিছত আভিভাৰ অফাৰৰ প্ৰতি আগ্ৰহ বৃদ্ধি হোৱা বুলি উল্লেখ কৰিছে। স্থানীয় বিতৰকসকলে এই স্বীকৃতিক দীৰ্ঘম্যাদী সঞ্চয় আৰু সুৰক্ষা পৰিকল্পনা বিচৰা গ্ৰাহকসকলৰ বাবে আত্মবিশ্বাস বৃদ্ধি কৰা বুলি লক্ষ্য কৰিছে। দ্বৈত স্বীকৃতিয়ে এক স্বচ্ছ আৰু উদ্ভাৱনীমূলক বীমাকৰ্তা হিচাপে আভিভাৰ সুনাম অক্ষুণ্ণ ৰাখিছে।
