দক্ষিণ এছিয়াৰ ভূটান,বাংলাদেশৰ পিছত শ্ৰীলংকাত ষ্টাৰলিংক সেৱা

স্পেচএক্সৰ চেটেলাইট ইণ্টাৰনেট সেৱা ষ্টাৰলিংকৰ প্ৰৱেশ ঘটিল শ্ৰীলংকাত। ভূটান আৰু বাংলাদেশৰ পিছত শ্ৰীলংকা দক্ষিণ এছিয়াৰ তৃতীয়খন দেশ, য’ত ষ্টাৰলিংক ইণ্টাৰনেট আৰম্ভ হৈছে। স্পেচএক্সৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ষ্টাৰলিংকৰ শ্ৰীলংকাত প্ৰৱেশৰ কথা ঘোষণা কৰে। ষ্টাৰলিংক ভাৰতলৈও অতি সোনকালে আহিব বুলি আশা কৰা হৈছে। ষ্টাৰলিংকে ভাৰতত সেৱা আৰম্ভ কৰিবলৈ ভাৰতৰ দূৰসংযোগ বিভাগৰ পৰা অনুমোদন লাভ কৰিছে। কিছুদিন পূৰ্বে ভাৰতী এয়াৰটেল আৰু ৰিলায়েন্স জিঅ’ৰ দৰে বৃহৎ ভাৰতীয় টেলিকম কোম্পানীয়েও ষ্টাৰলিংক সন্দৰ্ভত স্পেচএক্সৰ সৈতে চুক্তিবদ্ধ হোৱাৰ কথা ঘোষণা কৰিছিল।ষ্টাৰলিংক হৈছে দূৰৱৰ্তী অঞ্চলতো দ্ৰুতবেগী ইন্টাৰনেট প্ৰদান কৰিব পৰাকৈ ডিজাইন কৰা ল’ আৰ্থ অৰ্বিট উপগ্ৰহ ইণ্টাৰনেট সেৱা।

By Piyali Poddar

Leave a Reply

Your email address will not be published. Required fields are marked *