ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে উচ্ছেদ অভিযান। পুনৰ ৰাজ্য চৰকাৰে বৃহৎ উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে। এইবাৰ গোৱালপাৰাৰ পাইকান বনাঞ্চলতো চলিব উচ্ছেদ অভিযান। এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই। তেওঁ প্ৰকাশ কৰা অনুসৰি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমর্মে অহা ১০ জুলাইত পাইকান বনাঞ্চলত উচ্ছেদ অভিযান চলিব। আনহাতে পাৱাৰ প্লাণ্টৰ বাবে ৮ জুলাইৰ পৰা চাপৰত উচ্ছেদ অভিযান আৰম্ভ হ’ব। কিন্তু চাপৰত উচ্ছেদ কৰাৰ আগতেই ৰাইজ প্ৰায় আঁতৰি গৈছে। যিসকল লোকৰ ম্যাদী পট্টাৰ মাটি আছিল তথা চৰকাৰে আৱণ্টন দিছিল তেওঁলোকক চৰকাৰী আইন অনুসৰি ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। যিহেতু পাইকানখন বনাঞ্চল সেয়ে ১০ জুলাইত উচ্ছেদ অভিযান চলিব। তাত এতিয়ালৈকে বহুত মানুহ আঁতৰি যোৱা নাই। গতিকে ১০ জুলাইত উচ্ছেদ কৰিবলগীয়া হ’ব পাৰে। কিন্তু আমি বিচাৰো যে উচ্ছেদ কৰাৰ আগতে ৰাইজ যাতে নিজে নিজে আঁতৰি যায়।
পুনৰ ৰাজ্যত চলিব বৃহৎ উচ্ছেদ অভিযান
