ভাৰত আৰু বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা ব্ৰেণ্ডী হিচাপে নিজৰ স্থান অক্ষুণ্ণ তিলকনগৰ ইণ্ডাষ্ট্ৰীজ মেনচন হাউছৰ

ভাৰতীয় স্বদেশী বিদেশী সুৰা (আই এম এফ এল) প্ৰস্তুতকাৰী প্ৰতিষ্ঠান তিলকনগৰ ইণ্ডাষ্ট্ৰীজ লিমিটেডে (বি এছ ই: ৫০৭২০৫ | এন এছ ই: টি আই) ঘোষণা কৰিছে যে নিজৰ ধ্বজাবাহী ব্ৰেণ্ড মেনচন হাউছ ব্ৰেণ্ডীয়ে ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা ব্ৰেণ্ডী আৰু বিশ্বৰ দ্বিতীয় সৰ্বাধিক বিক্ৰী হোৱা ব্ৰেণ্ডী হিচাপে নিজৰ স্থান একেৰাহে দ্বিতীয় বছৰৰ বাবে অক্ষুণ্ণ ৰাখিছে। ২০২৫ৰ জুন মাহত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক আলোচনী ড্ৰিংকছ ইণ্টাৰনেচনেলে প্ৰকাশ কৰা ‘দ্য মিলিয়নাৰ্ছ ক্লাব’ প্ৰতিবেদনত এই ৰেংকিং প্ৰকাশ পাইছে।

২০২৪ চনত প্ৰায় ৭.৮ মিলিয়ন কেছ ব্ৰেণ্ডী বিক্ৰীৰ লগে লগে মেনচন হাউছ ব্ৰেণ্ডীয়ে এতিয়া বিশ্বজুৰি ২৯ নং বৃহত্তম ব্ৰেণ্ড হিচাপে স্থান লাভ কৰিছে, যিয়ে নিজৰ উত্তৰাধিকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় চাহিদাক সুদৃঢ় কৰিছে। এই গতিধাৰা ত্বৰান্বিত কৰি টিআইৰ আন এটা শক্তিশালী ব্ৰেণ্ড কুৰিয়ৰ নেপোলিয়ন ব্ৰেণ্ডীয়ে বিশ্বৰ তৃতীয় দ্ৰুতগতিত বৃদ্ধি পোৱা ব্ৰেণ্ডী হিচাপে স্থান লাভ কৰিছে। ২০২৪ চনত ২ মিলিয়ন কেছ ব্ৰেণ্ডী বিক্ৰী আৰু বছৰি ২৫ শতাংশ আকৰ্ষণীয় বৃদ্ধিৰে কুৰিয়াৰ নেপোলিয়ন ব্ৰেণ্ডীয়েও বিভিন্ন শিতানত বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা স্পিৰিটছ ব্ৰেণ্ডসমূহৰ ভিতৰত ১৩ নং স্থান লাভ কৰিছে।

তিলকনগৰ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অমিত দাহানুকাৰে এই বিষয়ে কয় যে, “ভাৰত আৰু বিশ্বজুৰি মেনচন হাউচ ব্ৰেণ্ডীয়ে ব্ৰেণ্ডীৰ দৃশ্যপটত আধিপত্য বজাই ৰখাটো অবিশ্বাস্যভাৱে আশাব্যঞ্জক।” প্ৰতিষ্ঠানটোৱে সমসাময়িক আৰু প্ৰিমিয়াম অফাৰ যেনে মেনচন হাউচ ৰিজাৰ্ভ, মেনচন হাউচ চেম্বাৰ্ছ আৰু ফ্লেভাৰ্ড ব্ৰেণ্ডী ভেৰিয়েণ্ট মুকলি কৰিছে-যি এই খণ্ডত প্ৰথম। এই বৈশ্বিক ৰেংকিংবোৰেই টিআইৰ দৃষ্টিভংগী, গভীৰ গ্ৰাহকৰ আস্থা আৰু প্ৰজন্মৰ ভিতৰত উৎকৃষ্টতাৰ প্ৰতি দায়বদ্ধতাৰ এক জীৱন্ত সাক্ষ্য দাঙি ধৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *