আইআইএমএ ভেঞ্চাৰ্ছ আৰু এছএপি-এ ৯০টা ষ্টাৰ্টআপক শক্তি প্ৰদান কৰিবলৈ আৰু ১০০ কোটি টকাৰ মূল্য সৃষ্টিৰ বাবে মুকলি কৰিছে নৰ্থ-ইষ্ট গ্ৰ’থ লেব

আইআইএমএ ভেঞ্চাৰ্ছে এছএপিৰ সহযোগত উত্তৰ-পূবৰ আঠোখন ৰাজ্যতে ৯০টাতকৈও অধিক ষ্টাৰ্টআপ আৰু সামাজিক উদ্যোগক ত্বৰান্বিত কৰাৰ বাবে বহু ৰাজ্যিক পদক্ষেপ নৰ্থ-ইষ্ট গ্ৰ’থ লেব (এন ই জি এল) আৰম্ভ কৰিছে। বিশ্ব বেংকৰ সহযোগত আছাম এগ্ৰিবিজনেছ গ্ৰ’থ লেব(এএজিএল)ৰ সফলতাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত এনইজিএলৰ লক্ষ্য হৈছে অনুঘটকীয় মূলধন, মেণ্টৰশ্বিপ, প্ৰশিক্ষণ আৰু উচ্চ সম্ভাৱনাপূৰ্ণ উদ্যোগসমূহৰ বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰা। অহা পাঁচ বছৰত এই পদক্ষেপে ১০০ কোটি টকাৰ ঔদ্যোগিক মূল্য সৃষ্টি কৰাৰ লক্ষ্য লৈছে আৰু কম আৰু মধ্যমীয়া আয়ৰ পটভূমিৰ ৫ লাখৰো অধিক ব্যক্তিক ইতিবাচকভাৱে প্ৰভাৱিত কৰিব।

এই পদক্ষেপ ইতিমধ্যে উদ্ভাৱনৰ বাবে এক আঞ্চলিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰা এক যুগান্তকাৰী হ’ব বুলি আশা কৰা হৈছে। ড্ৰিম হাইভছ (মৌজোল) গ্ৰীণজেন (চাহ বাগিচাৰ বাবে জৈৱ সাৰ) আৰু পুষ্টিকৰ ফুডছ (জোহা চাউলৰ পৰা প্ৰস্তুত কুকিজ)ৰ দৰে কেইবাটাও ষ্টাৰ্টআপে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰাৰ লগে লগে এই পদক্ষেপটোৱে স্থানীয় পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰিবলৈ আৰু অসমৰ অধিকাংশ নগৰ-চহৰলৈ বিনিয়োগকাৰীৰ আগ্ৰহ আকৰ্ষিত কৰিবলৈ সাজু হৈছে।

এনইজিএল-এ অঞ্চলটো আৰু মেট্ৰ “চহৰসমূহত প্ৰচাৰ কাৰ্যসূচী, বিনিয়োগকাৰী ডেম” ডে, আৰু বুটকেম্পৰ সুবিধাও প্ৰদান কৰিব। ই দীৰ্ঘম্যাদী আঞ্চলিক প্ৰভাৱ নিশ্চিত কৰিবলৈ নবাৰ্ড, নেডফি., এনইএইচএইচডিচি, এনইআৰএএমএচি আৰু ড’নাৰ মন্ত্ৰালয়ৰ দৰে প্ৰতিষ্ঠানৰ সৈতে সক্ৰিয়ভাৱে সহযোগিতা কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *