ভাৰতৰ আগশাৰীৰ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান সত্য মাইক্ৰ’কেপিটেল লিমিটেডে বন্ধকী-মুক্ত ঋণ আৰ্হিৰ জৰিয়তে অসমৰ গ্ৰাম্য মহিলাসকলৰ বাবে বিত্তীয় অন্তৰ্ভুক্তিৰ দিশত আগবাঢ়িছে। সত্য মাইক্ৰ’কেপিটেলে সমগ্ৰ ভাৰতৰ গ্ৰাম্য আৰু অৰ্ধনগৰীয়া ১.৬ মিলিয়নতকৈ অধিক মহিলাক সহায় কৰিছে, যাৰ ফলত ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰাৰ লগতে আৰ্থিক স্বতন্ত্ৰতা গঢ়িবলৈ সক্ষম হৈছে। বিশ্বনাথৰ এগৰাকী সাধাৰণ গৃহিণী সুমিত্ৰা দেৱীয়ে সত্যৰ পৰা ৪০,০০০ টকা ঋণ লৈ ব্যৱসায়িক উত্থানেৰে উদ্যোগী ৰূপে পৰিগণিত হয়। বন্ধীৰ অভাৱত আনুষ্ঠানিক ঋণ লাভ কৰিব নোৱাৰি সুমিত্ৰাই ঘৰতে টেইলৰিং ব্যৱসায় আৰম্ভ কৰিছিল। অবিৰতভাৱে ঋণৰ কিস্তিসমূহ পৰিশোধ কৰাৰ ফলত অধিক ঋণৰ বাবে যোগ্যতা অৰ্জন কৰিলে, নিজৰ তথ্য-পাতিৰ হিচাপ সঠিকভাৱে ৰাখিলে আৰু এতিয়া প্ৰতিদিনে প্ৰায় ১১০০ টকা উপাৰ্জন কৰে। সঞ্চয় আৰু বিত্তীয় ব্যৱস্থাপনাৰ দক্ষতাও সমানে সুমিত্ৰে দেৱীয়ে গঢ়ি তুলিছে।
গুৱাহাটীতো এনে ক্ষুদ্ৰ উদ্যোগৰ প্ৰভাৱ দৃশ্যমান হৈছে। কাপোৰ আৰু চিলাইৰ সামগ্ৰীৰ চাহিদা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ লগে লগে সুমিত্ৰাৰ দৰে মহিলা উদ্যোগীসকলে চহৰখনৰ পাইকাৰী কেন্দ্ৰসমূহৰ পৰা সামগ্ৰীৰ যোগান বৃদ্ধি কৰিছে। ইয়াৰ ফলত স্থানীয় ব্যৱসয়-বাণিজ্য, বিশেষকৈ বস্ত্ৰ আৰু চিলাই সম্পৰ্কীয় খণ্ডত লক্ষণীয়ভাৱে উত্থান ঘটিছে।
সত্য মাইক্ৰ’কেপিটেলৰ এই পদক্ষেপে তৃণমূল পৰ্যায়ৰ উদ্যোগশীলতাৰ প্ৰচাৰ আৰু পৰম্পৰাগত বিত্তীয় প্ৰতিষ্ঠানসমূহে প্ৰায়ে উপেক্ষা কৰা মহিলাসকলৰ বাবে ঋণৰ ব্যৱধান পূৰণ কৰি স্থানীয় অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত মাইক্ৰ’ফাইনেন্সৰ বৰ্ধিত ভূমিকাৰ ওপৰত আলোকপাত কৰিছে।