সাৰ্বজনীন বেংকিং অনুজ্ঞাপত্ৰৰ বাবে আৰবিআইৰ ওচৰত আবেদন দাখিল জন স্মল ফাইনেন্স বেংকৰ

ভাৰতৰ অন্যতম বৃহৎ ক্ষুদ্ৰ বিত্তীয় বেংক জন স্মল ফাইনেন্স বেংকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত আনুষ্ঠানিকভাৱে ইউনিভাৰ্চেল বেংকিং অনুজ্ঞাপত্ৰৰ বাবে আবেদন জনাইছে, এই আবেদনৰ লগে লগে বেংকটোৰ সম্প্ৰসাৰণৰ ৰোডমেপত এক কৌশলগত পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। জন স্মল ফাইনেন্স বেংকেৰ লক্ষ্য হৈছে ইয়াৰ সেৱা প্ৰদানসমূহ অধিক সম্প্ৰসাৰণ কৰা আৰু এক পূৰ্ণ-স্পেকট্ৰাম বেংকলৈ পৰিৱৰ্তন কৰাৰ বাবে ইতিমধ্যে এই পদক্ষেপ লোৱা হৈছে। “ইউনিভাৰ্চেল বেংকিং অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰাটো এক স্বাভাৱিক অগ্ৰগতি”, জন এছএফবিৰ এমডি তথা  চিইঅ’ অজয় কানৱালে এইদৰ কয়। “আমি এক উদীয়মান আৰু আত্মনিৰ্ভৰ ভাৰতৰ শক্তিশালী বেংক হোৱাৰ লক্ষ্য লৈছো।”

২০১৭ চনত এছএফবিৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছৰে পৰা জন এছএফবিয়ে ভাৰতৰ ২৩খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলত এক শক্তিশালী ৰাষ্ট্ৰীয় উপস্থিতিৰে এক শক্তশিলী জমা আৰু ঋণ পৰ্টফলিঅ’ গঢ়ি তুলিছে। ৮০০ৰো অধিক শাখা আৰু ১২ মিলিয়নতকৈ অধিক গ্ৰাহক ভিত্তিৰে বেংকটোৱে খুচুৰা, এমএছএমই ঋণ আৰু বিত্তীয় অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক শক্তিশালী প্ৰতিষ্ঠানলৈ বিকশিত হৈছে।

গুৱাহাটীত জন এছএফবিৰ আগমন উপস্থিতি, বিশেষকৈ এমএছএমই আৰু সুৰক্ষিত ঋণ খণ্ডসমূহত স্থানীয় উদ্যোগী আৰু স্ব-নিয়োজিত ব্যক্তিসকলৰ দ্বাৰা পৰিচালিত এক স্থিৰ বিকাশ দেখা গৈছে। প্ৰস্তাৱিত পৰিৱৰ্তনে উত্তৰ-পূবত ৰ প্ৰতিষ্ঠানটোৰ পদচিহ্ন অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে,  চহৰ আৰু ইয়াৰ বাহিৰতো বেংকিং প্ৰৱেশাধিকাৰ আৰু ডিজিটেল সেৱা বৃদ্ধি কৰিব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *