টেলি ছল্যুনে মুকলি কৰিলে টেলিপ্ৰাইম ৬.০, এছএমই-ক নিৰৱচ্ছিন্ন সংযুক্ত বেংকিঙৰ সৈতে কৰিছে শক্তিশালী

ব্যৱসায়িক স্বয়ংক্ৰিয়কৰণ চফট্ৱেৰৰ ক্ষেত্ৰত আগশাৰীৰ প্ৰতিষ্ঠান টেলি ছল্যুচনে প্ৰাইভেট লিমিটেডে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ (এছএমই)ৰ বাবে সংযুক্ত বেংকিং একত্ৰিত কৰা এক অভিনৱ উন্নীত টেলিপ্ৰাইম ৬.০ মুকলি কৰিছে। এই নতুন শুভাৰম্ভণিয়ে বেংকিং সেৱাসমূহক ব্যৱসায়িক ব্যৱস্থাপনা সঁজুলিৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংযোগ কৰি, বাস্তৱ সময়ৰ বেংক সংযোগ আৰু বৰ্ধিত সিদ্ধান্ত গ্ৰহণ নিশ্চিত কৰি বিত্তীয় কাৰ্য-কলাপ সৰল-সুলভ কৰি তুলিব। টেলিপ্ৰাইম ৬.০-এ এক্সিছ বেংক আৰু কোটাক মহিন্দ্ৰা বেংকৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে লাইভ বেংক বেলেঞ্চ আৰু লেনদেন আপডেটসমূহ পোনপটীয়াকৈ প্লেটফৰ্মত একত্ৰিত কৰিছে, যাৰ ফলত ব্যৱসায়ীসকলে নিজৰ নিজৰ একাউণ্টসমূহ দক্ষতাৰে পৰিচালনা কৰিব পাৰে। টেলি ছল্যুচনৰ পৰিচালন সঞ্চালক তেজাছ গোয়েংকাই এই বিষয়ে কয় যে, আমাৰ মিছন সদায় হৈছে কাৰ্যকৰী জটিলতা হ্ৰাস কৰি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক আগুৱাই নিয়াত সহায় কৰা।

ইউপিআই পেমেণ্টৰ সংহতিকৰণ, বৰ্ধিত বেংকৰ সমিলমিলকৰণ আৰু স্মাৰ্ট বিত্তীয় সঁজুলিৰ দৰে বৈশিষ্ট্যৰে টেলিপ্ৰাইমে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক নগদ ধনৰ প্ৰবাহ আৰু কাৰ্যকৰী মূলধন ব্যৱস্থাপনাক অনুকূল কৰি ৫০% পৰ্যন্ত সময় ৰাহি কৰাৰ সুযোগ দিছে। এই মুকলিয়ে বিত্তীয় স্বয়ংক্ৰিয়ীকৰণৰ ক্ষেত্ৰত গুৱাহাটীবাসীকো যথেষ্ট উৎসাহ যোগাইছে। স্থানীয় প্ৰতিষ্ঠানসমূহে টেলি প্ৰাইমৰ সংযুক্ত বেংকিং কাৰ্য-কলাপৰ সুবিধা লৈ কাৰ্য-কলাপবোৰ সুবিন্যস্ত কৰিব পাৰে আৰু বিত্তীয় দৃশ্যমানতা উন্নত কৰিব পাৰে, যাৰ ফলত ব্যৱহাৰকাৰীক দ্ৰুতগতিত ডিজিটেলাইজ কৰা বজাৰত প্ৰতিযোগিতামূলক সুবিধাসমূহ প্ৰদান কৰে। বাস্তৱ সময়ত বিত্তীয় তথ্য লাভ কৰাৰ সামৰ্থ্যই নিশ্চিত কৰে যে গুৱাহাটীৰ এছএমই-বোৰ সুচল আৰু সঠিক হৈ থাকে, যাৰ ফলত বিত্তীয় সিদ্ধান্তবোৰ অধিক বুদ্ধিদীপ্ত হয় আৰু বিকাশো অব্যাহত থাকে।

সকলো বিত্তীয় লেনদেনৰ নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰি প্লেটফৰ্মত একত্ৰিত কৰা প্ৰকৃত সময়ত প্ৰতাৰণা আৰু জালিয়াতি চিনাক্তকৰণৰ সৈতে নিৰাপত্তা এক গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ হৈ আছে। টেলিয়ে নিজৰ শেহতীয়া অফাৰৰ জৰিয়তে ব্যৱসায়িক ব্যৱস্থাপনাৰ সৰলীকৰণৰ পথত নেতৃত্ব অব্যাহত ৰাখিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *