নিছান মেগনাইটে ৰেকৰ্ড বিক্ৰী: নিছান মটৰ ইণ্ডিয়া

নিছান মটৰ ইণ্ডিয়াই নতুন নিছান মেগনাইটৰ শক্তিশালী প্ৰদৰ্শনৰ ফলত ২০২৪-২৫ বিত্তীয় বৰ্ষত ৯৯,০০০তকৈ অধিক বাহন বিক্ৰী কৰি ৭ বছৰৰ ভিতৰত সৰ্বাধিক একত্ৰিত বাৰ্ষিক বিক্ৰী লাভ কৰিছে। এই পৰিসংখ্য়াই ৩৫% বৃদ্ধিৰ কথা সদৰি কৰিছে, লগতে ঘৰুৱা বিক্ৰী ২৮,০০০ ইউনিটতকৈ অধিক হোৱাৰ লগতে ৰপ্তানিয়ে কোম্পানীটোৰ ‘এক বাহন, এক বিশ্ব’ কৌশলৰ অধীনত ৭১,০০০ ইউনিটৰ ঐতিহাসিক শিখৰত উপনীত হৈছে। ২০২৪ চনৰ অক্টোবৰত মুকলি কৰা নতুন নিছান মেগনাইটে এই সফলতাত এক প্ৰধান ভূমিকা পালন কৰি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা বজাৰতে গতি লাভ কৰিছিল।

নিছানে নিজৰ ৰপ্তানি পদচিহ্ন ২০খনৰ পৰা ৬৫খনৰো অধিক দেশলৈ সম্প্ৰসাৰিত কৰিছিল, যাৰ ভিতৰত ছৌদি আৰৱৰ দৰে লেফট-হেণ্ড-ড্ৰাইভ (এলএইচডি) বজাৰ আছে, যি এক গুৰুত্বপূৰ্ণ উৎপাদন কেন্দ্ৰ হিচাপে ভাৰতৰ ভূমিকাক শক্তিশালী কৰিছে। গুৱাহাটীতো বজাৰ পৰ্যবেক্ষকসকলে ইন্ধনৰ বৰ্ধিত মূল্যৰ মাজত নিজৰ খণ্ড-প্ৰথম বৈশিষ্ট্য আৰু সামৰ্থ্যৰ বাবে মেগনাইটৰ আগ্ৰহ ক্ৰমান্বয়ে বৃদ্ধি হোৱাটো লক্ষ্য কৰিছে। স্থানীয় ডিলাৰশ্বিপবোৰে বৰ্ধিত পদচিহ্ন আৰু বুকিং লাভ কৰাৰ তথ্য সদৰি কৰিছে, কম বয়সীয়া বা যুৱ ক্ৰেতাসকলক আকৰ্ষিত কৰাৰ বাবে বাহনখনৰ নতুন ই২০ অনুপালন আৰু বলিষ্ঠ ডিজাইন প্ৰদৰ্শন কৰা হৈছে।

পুনৰ গঠন প্ৰয়াসসমূহৰ মাজতে নিছানে ভাৰতত নিজৰ নিৰন্তৰ উপস্থিতিৰ বিষয়ে অংশীদাৰসকলক আশ্বস্ত কৰিছে, ২০২৫ বিত্তীয় বৰ্ষত ৭খন আসনৰ বি-এমপিভি আৰু ২০২৬ বিত্তীয় বৰ্ষত ৫খন আসনৰ চি-এছইউভিসহ নতুন সামগ্ৰী মুকলি কৰাৰ কথা ঘোষণা কৰিছে। কোম্পানীটোৱে ইনপুট ব্যয়ৰ চাপ পূৰণ কৰাৰ বাবে ২০২৫ৰ এপ্ৰিলৰ পৰা মেগনাইট বাহনৰ মূল্য ৩%পৰ্যন্ত বৃদ্ধিৰ পৰিকল্পনা কৰিছে। ”নিছান ইজ হিয়েৰ টু ষ্টে” অৰ্থাৎ নিছান ইয়াত থাকি সেৱা আগবঢ়াবলৈ আহিছে বুলি নিছানৰ মধ্যকালীন পৰিকল্পনা আৰু ভাৰতত স্থায়ী বিনিয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰি নিছান ইণ্ডিয়া অপাৰেচনৰ অধ্যক্ষ ফ্ৰেংক টৰেছে দৃঢ়তাৰে উল্লেখ কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *