টয়োটা কিৰ্লোস্কাৰ মটৰে স্থিৰতাৰ পদক্ষেপৰ সৈতে এক সেউজীয়া ভৱিষ্যতৰ পথ প্ৰশস্ত কৰে

টয়োটা কিৰ্লোস্কাৰ মটৰ(টিকেএম)-এ ধৰিত্ৰী দিৱস উপলক্ষে পৰিৱেশ বহনক্ষমতাৰ প্ৰতি নিজৰ সমৰ্পণ সুদৃঢ় কৰি কাৰ্বন নিৰপেক্ষতাৰ দিশত অবিৰত প্ৰচেষ্টাৰ প্ৰতিশ্ৰুতি দিছে। টিকেএমৰ উৎপাদন বিভাগৰ কাৰ্যবাহী উপাধ্যক্ষ তথা সঞ্চালক বি পদ্মনাভাই দাঙি ধৰা এই প্ৰতিশ্ৰুতি বিশ্বব্যাপী টয়োটা পৰিৱেশ প্ৰত্যাহ্বান ২০৫০ৰ সৈতে সংগতি ৰাখে, য’ত উৎপাদনৰ বিভিন্ন পৰ্যায়ত কাৰ্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্যৰে বিভিন্ন ইতিবাচক পদক্ষে অন্তৰ্ভুক্ত কৰিছে আৰু স্বচ্ছ গতিশীলতা সমাধানৰ প্ৰসাৰ কৰিছে। টিকেএমৰ বহুমুখী পদ্ধতিৰ অধীনত টিকেএম-এ বৈদ্যুতিক বাহন প্ৰযুক্তি (এক্সইভি) আৰু বৈকল্পিক ইন্ধন পাৱাৰট্ৰেইনত আগুৱাই আছে। টিকেএম-এ নিজৰ সেউজ উৎপাদন কাৰ্য-কলাপৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধ, য’ত ১০০% নৱীকৰণযোগ্য গ্ৰীড বিদ্যুৎ ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ ৯৬% আৱৰ্জনাসমূহ পুনৰ্ব্যৱহাৰ কৰা হয়। লক্ষণীয়ভাৱে টিকেএমৰ কাৰ্য-কলাপে উদ্ভাৱনীমূলক জল সংৰক্ষণ পদ্ধতি গ্ৰহণ কৰিছে, বৰষুণৰ পানী সংগ্ৰহ আৰু পুনৰ্ব্যৱহাৰ যোগ্য পানীৰ জৰিয়তে ৮৯.৩% পানীৰ প্ৰয়োজনীয়তা পূৰণ কৰা হৈছে।

নিজৰ সেউজ পচহিহ্ন সম্প্ৰসাৰণৰ প্ৰয়াসত টিকেএমৰ গ্ৰীন ৱেভ প্ৰজেক্টে ৩,২৮,০০০ৰো অধিক গছপুলি ৰোপণ কৰি পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰৰ প্ৰয়াস কৰিছে আৰু জৈৱ বৈচিত্ৰ্য সমৃদ্ধ কৰিছে। টিকেএমৰ ইক’জ’নৰ ২৫ একৰ ভূমিত নিমজ্জিত শিক্ষণ স্থানে ৪০,০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক সেউজ পৰিৱেশৰ সোপান প্ৰদান কৰিবললৈ সক্ষম কৰিছে। ২০৩৫ৰ ভিতৰত কাৰ্বন-নিৰপেক্ষ উৎপাদনৰ বাবে নিজৰ দৃষ্টিভংগীৰ অংশ হিচাপে টিকেএম-এ শক্তি দক্ষতাক আগুৱাই লৈ গৈছে আৰু মূল্য শৃংখলত পৰিৱেশ-অনুকূল পদ্ধতিসমূহক প্ৰসাৰিত কৰিছে।

ডিব্ৰুগড় চহৰতো বহনক্ষমতাৰ বিষয়ে সজাগতা বৃদ্ধি পাইছে, টিকেএম-ৰ পদক্ষেপসমূহ গ্ৰাহকসকলৰ মাজত ভালদৰে অনুৰণিত হৈছে। পৰিষ্কাৰ, শক্তি-দক্ষ বাহনৰ চাহিদা বৃদ্ধি হোৱাৰ লগে লগে টিকেএম-ৰ সেউজ গতিশীলতাৰ ওপৰত গুৰুত্ব আৰোপৰ ফলত ব্ৰেণ্ডটো অঞ্চলটোৰ এক অগ্ৰদূত হিচাপে স্থান লাভ কৰিছে, যি এক সেউজ ভৱিষ্যতৰ প্ৰতি সম্প্ৰদায়ৰ বৰ্ধিত প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *