নেচনেল হাউছিং বেংক(এনএইছবি)ৰ উদ্যোগত ১৭ এপ্ৰিলত গুৱাহাটীত হাউছিং ফাইনেঞ্চ কোম্পানী, স্মল ফাইনেঞ্চ বেংক আৰু আঞ্চলিক গ্ৰাম্য বেংকৰ এমডি তথা চিইঅ’সকলৰ সৈতে “আনলকিং পটেনচিয়েল: হাউছিং ফাইনেঞ্চ এজ এ কেটালিষ্ট ফৰ নৰ্থ-ইষ্ট ডেভেলপমেণ্ট” শীৰ্ষক বিষয়ক এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগৰ যুটীয়া সচিব মনোজ আয়াপ্পান, ভাৰত চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব(এইচএফএ) কুলদীপ নাৰায়ণে ভাৰ্চুৱেলি অংশগ্ৰহণৰ লগতে ছিকিম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ সচিব ছাৰিকা প্ৰধান আৰু নেচনেল হাউছিং বেংকৰ পৰিচালন সঞ্চালক সঞ্জয় শুক্লাই অংশ গ্ৰহণ কৰে।
এই অনুষ্ঠানত হাউছিং ফাইনেঞ্চ প্ৰতিষ্ঠানসমূহৰ এমডি তথা চিইঅ’, ক্ষুদ্ৰ ফাইনেঞ্চ বেংকৰ জ্যেষ্ঠ বিষয়া আৰু উত্তৰ-পূবৰ ৫খন ৰাজ্য ক্ৰমে অসম, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ আঞ্চলিক গ্ৰাম্য বেংকৰ অধ্যক্ষ আৰু জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য আৰু গৃহ নিৰ্মাণৰ বিত্তীয় স্থিতিৰ ওপৰত বিশদভাৱে উপস্থাপন-পৰ্যালোচনা কৰা হয়। উত্তৰ-পূবৰ ৰাজ্যসমূহৰ উন্নয়নৰ বাবে গৃহ নিৰ্মাণৰ বিত্তীয় সাহায্য কেনেদৰে উন্নয়নৰ অনুঘটক হ’ব পাৰে সেই সম্পৰ্কে বক্তাসকলে নিজৰ অভিমত ব্যক্ত কৰে।
পিএমএৱাই ২.০ – সুত ৰাজসাহায্য আঁচনিসমূহৰ বিষয়ে উপস্থাপন কৰা হৈছিল, ইয়াৰ বাবে এনএইচবি হৈছে কেন্দ্ৰীয় ন’ডেল এজেন্সী। খণ্ড, নিয়ন্ত্ৰণ, তত্বাৱধায়ক আৰু পুনৰ বিত্তীয় সাহায্যৰ বিষয়সমূহো বিতংভাৱে আলোচনা কৰা হয়। এই বৈঠকৰ সময়ত গুৱাহাটীত পিএনবি হাউছিং ফাইনেঞ্চ লিমিটেড আৰু আধাৰ হাউছিং ফাইনেঞ্চ লিমিটেডৰ এটা শাখাও ভাৰ্চুৱেল পদ্ধতিৰে মুকলি কৰা হয়।