দৈনিক আলমণ্ড খালে হৃদযন্ত্ৰ(কাৰ্ডিওমেটাবলিক) স্বাস্থ্য ভালে ৰখাত যথেষ্ট সহায় কৰে, হৃদযন্ত্ৰৰ স্বাস্থ্য, ওজন ব্যৱস্থাপনা আৰু অন্ত্ৰৰ মাইক্ৰ’বায়’ম ভালে ৰখাতো সহায় কৰে, শেহতীয়াকৈ পিৰ ৰিভিউড ষ্টাডী(সহযোগীৰ মাজত পৰ্যালোচনা)ত এই কথা পুনৰ নিশ্চিত হৈছে। ১১ জন আগশাৰীৰ বিজ্ঞানী আৰু চিকিৎসকে কৰা এই ঐক্যমতৰ ভিত্তিত এই সিদ্ধান্তত উপনীত হৈছে যে দৈনিক বিশেষকৈ প্ৰতিদিনে ৫০ গ্ৰাম আলমণ্ড খালে এলডিএল কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰিব পাৰে, ডায়েষ্টোলিক ৰক্তচাপ হ্ৰাস কৰিব পাৰে আৰু ওজন সুস্থ ব্যৱস্থাপনাত সহায় কৰিব পাৰে। কাৰেণ্ট ডেভেলপমেণ্টছ ইন নিউট্ৰিচনত প্ৰকাশিত শেহতীয়া অধ্যয়নত উল্লেখ কৰা হৈছে যে আলমণ্ড কেৱল হৃদপিণ্ডৰ বাবে স্বাস্থ্যকৰ নহয়, ই অন্ত্ৰৰ মাইক্ৰ’বায়’ম উন্নত কৰি বিপাকীয় স্বাস্থ্যতো অৰিহণা যোগায়।
আলমণ্ডত ফাইবাৰ, প্ৰ’টিন আৰু অসংপৃক্ত চৰ্বি থাকে, যি শৰীৰৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে আৰু ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণত সহায় কৰে। লক্ষণীয়ভাৱে, গৱেষণাটোত দেখা গৈছিল যে আলমণ্ডে ওজন বৃদ্ধি নকৰাকৈ ওজন নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰিব পাৰে। ভাৰতৰ এজন প্ৰখ্যাত বিশেষজ্ঞ ডাঃ অনুপ মিশ্ৰই দেশৰ বাবে এই অধ্যয়নৰ প্ৰাসংগিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, কিয়নো কাৰ্ডিওমেটাবলিক ৰোগ(হৃদযন্ত্ৰৰ বিপাকীয় ৰোগ)ৰ সংখ্যা বৃদ্ধি উদ্বেগৰ বিষয়। অনুপ মিশ্ৰই উল্লেখ কৰে যে আলমণ্ডে শৰীৰৰ ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে, বিশেষকৈ প্ৰি-ডায়েবেটিচ থকা এছিয়ান ভাৰতীয়সকলৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব পাৰে।
গুৱাহাটীৰ স্বাস্থ্য সচেতন গ্ৰাহকসকলৰ মাজত আলমণ্ড ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰাৰ লগে লগে স্বাস্থ্যকৰ খাদ্যৰ বিকল্পৰ চাহিদা বৃদ্ধি পাইছে। চহৰখনত পুষ্টি আৰু সুস্থতাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ লগে লগে, স্থানীয় খুচুৰা বিক্ৰেতাসকলে আলমণ্ডৰ বিক্ৰী বৃদ্ধি হোৱাৰ কথা প্ৰকাশ কৰিছে, যাৰ ফলত মানুহৰ স্বাস্থ্যৰ উপকাৰৰ বিষয়ে সজাগতা বৃদ্ধি পাইছে। অধিক লোকে স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰাৰ লগে লগে, আলমণ্ড-আধাৰিত সামগ্ৰীবোৰে স্থানীয় বজাৰত স্থান লাভ কৰিছে, যি সমগ্ৰ অঞ্চলটোত খাদ্যাভ্যাস উন্নত কৰাৰ বিস্তৃত প্ৰৱণতাৰ সৈতে সংগতি ৰাখে।