টাটা এআইজি জেনেৰেল ইন্সুৰেঞ্চ কোম্পানীয়ে মেডিকেয়াৰ চিলেক্ট আৰম্ভ কৰিছে

টাটা এআইজি জেনেৰেল ইন্সুৰেঞ্চ কোম্পানীয়ে খুচুৰা স্বাস্থ্য পৰ্টফোলিঅ’ৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ ভাৰতত স্বাস্থ্যসেৱাৰ উপলব্ধতা বৃদ্ধিৰ লক্ষ্যৰে মেডিকেয়াৰ চিলেক্ট নামৰ এক পৰৱৰ্তী প্ৰজন্মৰ স্বাস্থ্য বীমা সুবিধা মুকলি কৰিছে। প্ৰতিষ্ঠানটোৰ উচ্চাভিলাষী কৌশলৰ অংশ হিচাপে  বীমাকৰ্তাই ২০২৭ বিত্তীয় বৰ্ষৰ ভিতৰত চিকিৎসালয়ৰ নেটৱৰ্ক ১১,৫০০-ৰ পৰা ১৪,০০০ৰ ঘৰ অতিক্ৰম কৰাৰ পৰিকল্পনা কৰিছে।

এই সবিধা মুকলিয়ে টাটা এআইজিৰ পিছপৰা বা অভাৱগ্ৰস্ত অঞ্চলসমূহত উপনীত হোৱাৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰতিফলিত হৈছে, য’ত টায়াৰ ২ আৰু ৩ চহৰসমূহে ২০২৭ বিত্তীয় বৰ্ষৰ ভিতৰত নিজৰ স্বাস্থ্য পৰ্টফলিঅ’ৰ ৩৫% অৰিহণা যোগাব বুলি আশা কৰা হৈছে, যি ২৬%ৰ পৰা বৃদ্ধি হৈছে। মেডিকেয়াৰ চিলেক্টৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে ‘ৰিষ্ট’ৰ ইনফিনিটি প্লাছ’ৰ অধীনত সীমাহীন পুনৰুদ্ধাৰ(ৰিষ্টৰেচন), ‘ইনফিনিট এডভান্টেজ’ৰ অধীনত লাইফটাইম ক্লেইম(জীৱনকালীন দাবী)ৰ সুবিধা আৰু দন্ত, দৃষ্টিশক্তি আৰু টেলিকন্সাল্টেচন আদি সামৰি লোৱা অ’পিডি সুবিধাসমূহ অন্যতম। অতিৰিক্ত অফাৰসমূহৰ ভিতৰত আছে প্ৰসূতিৰ যতন, দৈনিক নগদ ধনৰ সুবিধা, যুৱ পৰিয়াল আৰু দৰমহাপ্ৰাপ্ত ব্যক্তিৰ বাবে ৰেহাই আৰু অপৰিশোধযোগ্য চিকিৎসালয়ৰ উপভোগ্য সামগ্ৰীৰ সুবিধা লাভ আদি।

গুৱাহাটী মহানগৰীতো স্বাস্থ্যসেৱাৰ ব্যয় বৃদ্ধি পাইছে আৰু সেয়েহে সময়ৰ প্ৰয়োজনীয়াৰ লগে লগে অনুকূলিত বীমাৰ চাহিদা বৃদ্ধি পাইছে, মেডিকেয়াৰ চিলেক্টে আকৰ্ষণ-আগ্ৰহ লাভ কৰিবলৈ সাজু হৈছে। স্থানীয় এজেণ্টসকলৰ তথ্য অনুসৰি স্থানীয় গ্ৰাহকসকলে সক্ৰিয়ভাৱে এনে প্লেন অন্বেষণ কৰি আছে যিয়ে প্ৰিমিয়াম বৃদ্ধি নকৰাকৈ মডুলাৰ লাভালাভ আৰু অ’পিডি কভাৰেজ প্ৰদান কৰে -যি টাটা এআইজিৰ শেহতীয়া অফাৰৰ সৈতে ঘনিষ্ঠভাৱে সংৰেখিত।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *