গুৱাহাটীত আয়োজিত বিৰাছত হেণ্ডলুম এক্সপ’ত ভাৰতৰ বস্ত্ৰৰ ঐতিহ্যক উদযাপন

বহু প্ৰত্যাশিত গুৱাহাটীৰ ফাঁচী বজাৰৰ ৪ নং ৰেলৱে গেটৰ সমীপৰ এম এছ ৰোডত অৱস্থিত মহাবীৰ ধৰ্ম স্থলত বিৰাছত হেণ্ডলুম এক্সপ’ৰ শুভাৰম্ভণি ঘটিছে। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ সহকাৰী সঞ্চালক (ডিজাইন), ডব্লিউএছচি গুৱাহাটীৰ উন্নয়ন আয়ুক্ত (হস্ততাঁত), জয়ন্ত বি মংগলপল্লীয়ে এই প্ৰদৰ্শনী-বিক্ৰী মেলাৰ শুভ উদ্বোধন কৰে। ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ উন্নয়ন আয়ুক্ত (হস্ততাঁত)ৰ উদ্যোগত আয়োজন কৰা হৈছে বিৰাছত স্পেচিয়েল হেণ্ডলুম এক্সপ’ (৮–১৪ জানুৱাৰী, ২০২৫)ৰ লক্ষ্য হৈছে ভাৰতৰ সমৃদ্ধ হস্ততাঁত ঐতিহ্যক উদযাপন কৰা আৰু শিপিনীসকলক নিজৰ নিজৰ অসাধাৰণ কাৰুকাৰ্য প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰা।

উদ্বোধনী ভাষণত জয়ন্ত বি মংগলপল্লীয়ে ভাৰতৰ বৈচিত্ৰ্যময় হস্ততাঁত পৰম্পৰাৰ জৰিয়তে বহনক্ষম আৰু পৰম্পৰাগত ফেশ্বনৰ প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মংগলপল্লীয়ে শিপিনী-শিল্পীসকলক ক্ৰেতাৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰা, হস্ততাঁতৰ বিভিন্ন কামৰ বাবে ন্যায্য বাণিজ্য আৰু স্বীকৃতি নিশ্চিত কৰাৰ ক্ষেত্ৰত এনে অনুষ্ঠানৰ ভূমিকাৰ ওপৰতো আলোকপাত কৰে। এই এক্সপ’ত মুগা, এৰি, মেখেলা চাদৰ, বেনাৰসী, জামদানী, মধুবনী, কোছা, ইক্কাট, পাটোলা, তুছাৰ ৰেচম, মহেশ্বৰী, মইৰাং ফি, কোটা দৰিয়া, ভাগলপুৰী, ব্লক প্ৰিণ্টেড, ফুলকাৰী, লহেৰিয়া, খাণ্ডুৱা আৰু স্থানীয় জনগোষ্ঠীয় বস্ত্ৰ সম্ভাৰ উপলব্ধ। মন্ত্ৰালয়ে সকলো শিপিনীক একত্ৰিত কৰিবলৈ প্ৰয়াস কৰিছে যাতে শিপিনীসকলে ক্ৰেতাসকলক পোনপটীয়াকৈ সাক্ষাৎ কৰিব পাৰে যাতে ন্যায্য বাণিজ্য আৰু বয়ন সামগ্ৰীসমূহ নিশ্চিত হয়।

#MyHandloomMyPride আৰু #MyProductMyPride অভিযানৰ অংশ হিচাপে অনুষ্ঠিত হোৱা এই প্ৰদৰ্শনীখন শিপিনীসকলৰ অৰ্থনীতি শক্তিশালী কৰা আৰু ভাৰতৰ অতুলনীয় বস্ত্ৰ ঐতিহ্যৰ বিষয়ে সজাগতা বৃদ্ধি কৰা মন্ত্ৰালয়ৰ লক্ষ্যৰ সৈতে সংগতি ৰাখে। অহা ১৪ জানুৱাৰীলৈ এই প্ৰদৰ্শনী তথা মেলা প্ৰতিদিনে পুৱা ১১ বজাৰ পৰা নিশা ৮:০০ বজালৈ দৰ্শনাৰ্থীয়ে প্ৰদৰ্শনী উপভোগ আৰু সামগ্ৰী ক্ৰয় কৰিব পাৰিব। বস্ত্ৰ মন্ত্ৰালয়ে গুৱাহাটী আৰু ইয়াৰ বাহিৰৰ বাসিন্দাসকলক ভাৰতীয় হস্ততাঁত উৎকৃষ্টতাৰ এই স্পন্দনশীল উদযাপনৰ অভিজ্ঞতা ল’বলৈ আমন্ত্ৰণ জনাইছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *