এপোলো কৰ্কট সন্মিলন ২০২৪ মুম্বাইৰ বিকেচিৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হয়

মুম্বাইৰ বিকেচি জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত এপ’ল’ কেন্সাৰ চেণ্টাৰৰ উদ্যোগত এপ’ল’ কেন্সাৰ কনক্লেভ ২০২৪ৰ সপ্তম সংস্কৰণ সুকলমে অনুষ্ঠিত হয়। এই অনুষ্ঠানত ভাৰতৰ ২০০০ৰো অধিক অংক’লজিষ্ট আৰু ৪৫০ জনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় বক্তাক একত্ৰিত কৰা হৈছিল, য’ত অংশ ল’লে বিশ্বৰ বিখ্যাত অংক’লজী বিশেষজ্ঞ, স্বাস্থ্যসেৱাৰ অগ্ৰদূতসকল আৰু ক্লিনিকেল গৱেষকসকল।

২০২২ চনত ভাৰতৰ কৰ্কট ৰোগৰ বোজা ১.৪১ মিলিয়ন নতুন ৰোগীৰ পৰা ২০৫০ চনৰ ভিতৰত ২.৬৯ লাখলৈ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে, এই পৰিসংখ্যালৈ লক্ষ্য কৰিলে ক্ৰমাৎ বৃদ্ধি পোৱা কৰ্কট মহামাৰীৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰতিৰোধৰ উচিত প্ৰয়োজনীয়তাৰ ওপৰত এই কনক্লেভে আলোকপাত কৰে। কেন্সাৰ কনক্লেভ ২০২৪ত প্ৰায় ১০০তকৈ অধিক অধিবেশন আৰু যথেষ্ট অন্তৰংগ আলাপ অনুষ্ঠানৰ লগতে বিশদ আলোচনাৰ মাজেৰে এপ’ল’ কেন্সাৰ কনক্লেভ ২০২৪ৰ ফলপ্ৰসূতা আৰু সহানুভূতি দুয়োটা দিশৰে সৈতে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতিশ্ৰুতিবদ্ধ অংক’লজী বিশেষজ্ঞসকলৰ বাবে স্বাস্থ্যসেৱা কেলেণ্ডাৰৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰিলে।

এই কনক্লেভত মানৱ শৰীৰৰ সাতটা অংগ-নিৰ্দিষ্ট অংক’লজী ট্ৰেক সামৰি লোৱা হৈছিল, প্ৰতিটো দিশতে বিশেষজ্ঞ বক্তা আৰু গতিশীল আলোচনাৰ মাজৰে সমাধান সূত্ৰ আৰু সুদূৰপ্ৰসাৰী চিন্তাৰ প্ৰয়াস কৰা হৈছিল। এই ক্ষেত্ৰসমূহৰ ভিতৰত আছিল স্তন, স্ত্ৰীৰোগ, গেষ্ট্ৰ’ইনটেষ্টিনেল, মেডিকেল, মূৰ আৰু ডিঙি, ইউৰো-অংক’লজী, আৰু হেমাট’লিম্ফ’ইড কেন্সাৰ ইত্যাদি। এই অধিবেশনসমূহত প্ৰযুক্তি আৰু নিখুঁত চিকিৎসাৰ পৰিৱৰ্তনশীল সম্ভাৱনা প্ৰদৰ্শন কৰা হয়, য’ত ৰোগীকেন্দ্ৰিক উদ্ভাৱনসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়, যিয়ে বিশ্বজুৰি কৰ্কট ৰোগৰ যত্নক ন ৰূপত গঢ়ি তুলিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *