কেন্দ্ৰীয় বাজেট ২০২৪ : দেশৰ ভৱিষ্যতৰ বাবে এক বলিষ্ঠ দৃষ্টিভংগী

113

নেচনেল ষ্টক এক্সচেঞ্জৰ এমডি তথা চিইঅ’ আশিস কুমাৰ চৌহানে ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেটখনে দেশৰ সুদূৰপ্ৰসাৰী সামাজিক প্ৰভাৱ আৰু কোটি কোটি ভাৰতীয়ৰ জীৱন উন্নীত কৰাৰ সম্ভাৱনাৰ বাবে লোৱা পদক্ষেপ আৰু প্ৰস্তাৱসমূহক প্ৰশংসা কৰিছে। চৌহানে আশা প্ৰকাশ কৰিছে যে বাজেটৰ পদক্ষেপসমূহে মানুহৰ জীৱনৰ অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সাজু হৈছে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ সাধাৰণ লোকসকলৰ বাবে নতুন সুযোগ আনি দিবলৈ অনুপ্ৰাণিত কৰিছে।

চৌহানে নিয়োগ সৃষ্টিৰ ওপৰত বাজেটৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি ব্যক্তিগত আৰু ৰাজহুৱা খণ্ড উভয়কে জড়িত কৰি কৰ্মসংস্থাপন সৃষ্টিৰ উদ্ভাৱনী পদ্ধতিৰ ওপৰত গুৰুত্ব সৰ্বাধিক আৰোপ কৰিছে। চৌহানে এঞ্জেল টেক্সৰ সকাহ আৰু মুদ্ৰা ঋণ আঁচনিৰ লিমিট—প্ৰতিজন ব্যক্তিৰ বিপৰীতে ১০ লাখ টকাৰ পৰা ২০ লাখ টকালৈ বৃদ্ধিয়ে উচ্চাকাংক্ষী উদ্যোগীসকলক সহায় কৰিব আৰু তেওঁলোকৰ স্বপ্নক বাস্তৱ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ’ব বুলি উল্লেখ কৰে।

কেন্দ্ৰীয় বাজেটত কৰ্মশক্তিত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে লোৱা পদক্ষেপৰ বাবেও চৌহানে উচ্চ প্ৰশংসা কৰে। চৌহানৰ অভিমত অনুসৰি এই প্ৰয়াসে দেশৰ মহিলাসকল অধিক সবল হ’ব আৰু ভাৰতৰ ভৱিষ্যৎ গঢ় দিয়াত মহিলাৰ ভূমিকা বৃদ্ধি পাব৷ ইয়াৰ লগতে দক্ষতা বিকাশ, আন্তঃগাঁথনি বিনিয়োগ অব্যাহত ৰখাৰ লগতে বিত্তীয় ঘাটি ৪.৯% লৈ হ্ৰাসৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদানে সকলো স্তৰৰ সামাজিক প্ৰগতি আৰু অৰ্থনৈতিক স্থিতিশীলতাৰ প্ৰতি দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। চৌহানৰ নিখুঁত ১০/১০ ৰেটিঙে এই বিশ্বাসক গাঢ় কৰি তুলিছে যে বাজেটখনে কেৱল অৰ্থনৈতিক বৃদ্ধিয়েই নহয়, লগতে সাধাৰণ মানুহৰ জীৱনকো স্পৰ্শ কৰিছে, বাজেটখনে নতুন সম্ভাৱনা কঢ়িয়াই অনাৰ লগতে অধিক অন্তৰ্ভুক্ত আৰু গতিশীল সমাজ এখনক তুলি ধৰিব।