শিৱসাগৰত দলঙৰ ৰেলিং ভাঙি দিচাং নদীত পৰিল ১২ চকীয়া ট্ৰাক

65

তিনিচুকীয়াৰ পৰা যোৰহাটলৈ বুলি ৰদ কঢ়িয়াই নি থাকোঁতেই দলঙৰ ৰেলিংত খুন্দা মাৰি নদীত পৰে এখন ১২ চকীয়া ট্রাক | AS 06 AC 4926 নম্বৰৰ ট্ৰাকখন ৰেলিং ভাগি দিচাঙত পৰি যায় | কথমপি প্ৰাণ ৰক্ষা পৰে চালক মুকিবুৰ ৰহমান আৰু হেণ্ডিমেন দিলদাৰ হুছেইনৰ | দুয়োগৰাকী পানীত পৰিছিল যদিও সাঁতুৰি পাৰলৈ উঠিবলৈ সক্ষম হয় | দুয়োজন আহত হোৱাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় | বৰ্তমান ট্ৰাক খন উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে আৰক্ষী, এছ ডি আৰ এফৰ দলে |