থাপৰ ইনষ্টিটিউট আৰু এনভিডিয়াই সহযোগিতাৰে আৰম্ভ কৰিছে এআই-সক্ষম বিশ্ববিদ্যালয়, ন ৰূপত সংজ্ঞায়িত কৰিছে ভাৰতৰ উচ্চ শিক্ষাক

135

থাপৰ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি(টিআইইটি)-এ এনভিডিয়া এআই ইউনিভাৰ্চিটী প্ৰগ্ৰামৰ  কাৰিকৰী সমৰ্থনত থাপৰ স্কুল অৱ এডভান্সড এআই এণ্ড ডাটা চাইন্স (টিএছএএআই) স্থাপনৰ বাবে এনভিডিয়াৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ আৰু সহযোগিতাৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপৰ জৰিয়তে পাঠ্যক্ৰমত অত্যাধুনিক প্ৰযুক্তিসমূহক একত্ৰিত কৰি এআই বিশেষজ্ঞতাৰ ক্ৰমবৰ্ধমান চাহিদাৰ সৈতে মোকাবিলা কৰাৰ লক্ষ্য হাতত লোৱা হৈছে। টিআইইটি আৰু এনভিডিয়াৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ অধীনত টিআইইটিৰ পাটিয়ালা চৌহদত টিএছএআই স্থাপন কৰা হ’ব। এই যুগান্তকাৰী পদক্ষেপৰ লক্ষ্য হৈছে ছাত্ৰ আৰু অধ্যাপক উভয়কে অত্যাৱশ্যকীয় এআই দক্ষতা আৰু জ্ঞানেৰে সৱলীকৰণ কৰিবলৈ শৈক্ষিক পাঠ্যক্ৰম, গৱেষণাৰ সুযোগ আৰু উদ্ভাৱন প্ৰকল্পৰ এক বিস্তৃত পৰিসৰ প্ৰদান কৰা। 

থাপৰ ইনষ্টিটিউট অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজিৰ সঞ্চালক ড০ পদ্মকুমাৰ নায়াৰে এই সহযোগিতাৰ বিষয়ে কয় যে, ”এই পদক্ষেপে কেৱল এআই বিশেষজ্ঞতাৰ ব্যৱধান দূৰ কৰাই নহয়, লগতে এই পৰিৱৰ্তনশীল ক্ষেত্ৰখনত অত্যাধুনিক গৱেষণা আৰু উদ্ভাৱনৰ পথো মুকলি কৰিব।” এনভিডিয়াৰ দক্ষিণ এছিয়াৰ পৰিচালন সঞ্চালক বিশাল ধূপৰে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, “গ্লবেল এআই শিক্ষাৰ বাবে আগবঢ়োৱা পদক্ষেপৰ অগ্ৰণী প্ৰতিষ্ঠান হিচাপে থাপৰ ইনষ্টিটিউটে সমগ্ৰ ভাৰততে নতুন প্ৰজন্মৰ এআই বিশেষজ্ঞক তুলি ধৰিবলৈ অত্যাধুনিক এনভিডিয়া প্ৰযুক্তিসমূহ একত্ৰিত কৰিব।”

গুৱাহাটীৰ বজাৰৰ দৃষ্টিকোণৰ পৰা টিএছএআইৰ এই পদক্ষেপে স্থানীয় প্ৰতিষ্ঠানসমূহক নিজৰ প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধিৰ বাবে অনুপ্ৰাণিত কৰিব পাৰে, লগতে অঞ্চলটোত এ আইৰ সাক্ষৰতা আৰু উদ্ভাৱন বৃদ্ধিৰ সম্ভাৱনা গঢ়ি তুলিবলৈ সহযোগিতাৰ বাবে প্ৰেৰণা যোগাব পাৰে। টিআইইটি হৈছে ১৯৫৬ত প্ৰতিষ্ঠা হোৱা ভাৰতৰ অন্যতম পুৰণি আৰু অত্যাধুনিক সা-সুবিধাৰে পৰিপূৰ্ণ শিক্ষানুষ্ঠান। টিএছএআইৰ এই শুভাৰম্ভণিয়ে উদ্ভাৱনক আগবঢ়াই নিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক প্ৰযুক্তিৰ ভৱিষ্যতৰ বাবে সাজু কৰি তোলাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।