আইআইএম বাংগালোৰে মুকলি কৰিছে ডিজিটেল ব্যৱসায় আৰু উদ্যমিতা বিষয়ৰ অভিনৱ বিবিএ পাঠ্যক্ৰম

137

দেশৰ ঐতিহ্যমণ্ডিত ব্যৱস্থাপনা প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট বাংগালোৰ(আই আই এম বি)-এ চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা ডিজিটেল ব্যৱসায় আৰু উদ্যমিতা বিষয়ৰ এক অগ্ৰণী অনলাইন স্নাতক পাঠ্যক্ৰম আৰম্ভ কৰিছে। আইআইএম বাংগালোৰৰ ডিজিটেল লাৰ্নিং প্লেটফৰ্ম আইআইএমবিএক্সৰ জৰিয়তে প্ৰদান কৰা এই পদক্ষেপৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে স্নাতক শিক্ষাৰ ক্ষেত্ৰত নতুন যুগৰ সূচনা কৰিছে। অধ্যাপক সুৰেশ ভাগৱতুলাৰ নেতৃত্বত প্ৰস্তুত কৰা ৩ বছৰীয়া ব্যৱসায় প্ৰশাসন বিষয়ৰ স্নাতক (বিবিএ) পাঠ্যক্ৰমত ডিজিটেল প্ৰযুক্তি, ব্যৱসায় পৰিচালনাৰ নীতি, উদ্যমিতা দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই পাঠ্যক্ৰমৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতামূলক ব্যৱসায়িক পৰিৱেশত লাভৱান হ’বলৈ প্ৰয়োজনীয় সঁজুলিৰে সজ্জিত কৰা, বাস্তৱ জগতৰ শিক্ষণ অভিজ্ঞতা বৃদ্ধিৰ বাবে ইণ্টাৰ্নশ্বিপ আৰু ব্যৱহাৰিক প্ৰকল্প আগবঢ়োৱা। শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্টতা আৰু বৃহৎ মুক্ত অনলাইন পাঠ্যক্ৰম(এম অ’ চি)ত অগ্ৰদূত হোৱাৰ অভিলাষেৰে আইআইএম বাংগালুৰুৰ সুনাম এই কাৰ্যসূচীৰ দ্বাৰা আৰু অধিক উজ্বল হৈ পৰিব। আইআইএম বাংগালোৰৰ সঞ্চালক অধ্যাপক ঋষিকেশ টি কৃষ্ণনে এই পাঠ্যক্ৰমত অধ্যয়নৰ বাবে প্ৰৱেশ পৰীক্ষা আৰু নমনীয় প্ৰস্থান পলিচীকে ধৰি পাঠ্যক্ৰমৰ নমনীয় গাঁথনিৰ ওপৰত বিশেষভাৱে জোৰ দিছে। ঋষিকেশ টি কৃষ্ণনে এই বিষয়ে কয় যে, “এই পাঠ্যক্ৰমৰ ডিজাইন এনে স্নাতকক শিক্ষাদানৰ বাবে প্ৰস্তুত কৰা হৈছে, যিয়ে পৰম্পৰাগত ব্যৱসায়ত ডিজিটেল ৰূপান্তৰক আগুৱাই নিব পাৰে বা ভৱিষ্যতে ডিজিটেল খণ্ডত উদ্যোগী হ’ব পাৰে।”

এই পাঠ্যক্ৰমৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে ভাৰতৰ ভৱিষ্যতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰখা, যাতে উচ্চ শিক্ষাত মুঠ নামভৰ্তি অনুপাত (জি ই আৰ) বৃদ্ধিৰ লগতে সুলভ, উদ্যোগ-প্ৰাসংগিক শিক্ষা প্ৰদান কৰি শৈক্ষিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ প্ৰস্তুত হয়। এই পাঠ্যক্ৰমে ডিজিটেল আৰু পৰিচালনাৰ মৌলিক দিশসমূহ একত্ৰিত কৰি আত্মশিক্ষণ আৰু ডিজিটেলভাৱে সক্ষম স্নাতকসকলক এখন সঠিক প্লেটফৰ্ম প্ৰদান কৰিব। এই পাঠ্যক্ৰম আৰম্ভ হোৱাৰ লগে লগে গুৱাহাটীৰ দৰে বজাৰতো যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হ’ব, কিয়নো এনে বজাৰসমূহত ডিজিটেলভাৱে দক্ষ পেছাদাৰী ব্যক্তিৰ চাহিদা অত্যন্ত বাঢ়িছে। গুৱাহাটীৰ স্থানীয় ব্যৱসায়ীসকলে ডিজিটেল ৰূপান্তৰক ক্ৰমান্বয়ে আঁকোৱালি লোৱাৰ লগে লগে ডিজিটেল ব্যৱসায় ব্যৱস্থাপনা আৰু উদ্যমিতাৰ জ্ঞান থকা স্নাতকসকলৰ প্ৰয়োজনীয়তা পূৰ্বতকৈ অধিক গুৰুত্বপূৰ্ণ আৰু জৰুৰী হৈ পৰিছে। আইআইএম বাংগালোৰৰ এই পদক্ষেপে এই দক্ষতাৰ ব্যৱধান কিছু পৰিমাণে হ’লেও দূৰ কৰিব বুলি আশা কৰা হৈছে, লগতে স্থানীয় উদ্যোগসমূহক অভিনৱ, ডিজিটেলভাৱে দক্ষ এদল প্ৰতিভা ব্যৱসায় জগতলৈ প্ৰদান কৰিব।

শক্তিশালী শৈক্ষিক বিষয়বস্তুৰ লগতে বিবিএ পাঠ্যক্ৰমে প্ৰকল্প আৰু অনুষ্ঠানৰ জৰিয়তে নেটৱৰ্কিং আৰু সহযোগিতাৰ সুবিধা প্ৰদান কৰিব, লগতে শিক্ষাৰ্থীসকলক সহযোগী আৰু উদ্যোগৰ নেতাসকলৰ সৈতে জড়িত বা সাক্ষাতৰ সুযোগ প্ৰদান কৰিব। এই পন্থাই নিশ্চিত কৰে যে স্নাতক শিক্ষাৰ্থীসকলে ডিজিটেল অৰ্থনীতিৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ ভালদৰে প্ৰস্তুত হৈ উঠিছে আৰু গুৱাহাটীৰ দৰে বজাৰসমূহত নিজকে প্ৰতিষ্ঠা কৰাত অৰিহণা বা সুযোগ প্ৰদান কৰিব পাৰে। ভাৰতৰ শীৰ্ষ ব্যৱস্থাপনা প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম আইআইএম বাংগালুৰুৱে শিক্ষাৰ ক্ষেত্ৰত নতুনত্বৰ ধাৰা অব্যাহত ৰাখিছে। আইআইএম বাংগালোৰৰ ডিজিটেল লাৰ্নিং বিভাগৰ অধ্যক্ষ অধ্যাপক বসন্তী শ্ৰীনিবাসনে এই পাঠ্যক্ৰমৰ গতিশীল আৰু পাৰস্পৰিক গাঠনিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, য’ত অধ্যাপকৰ ভিডিঅ’, পঠন, নিয়োগ আৰু প্ৰকল্প ইত্যাদি বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ জৰিয়তে এক ব্যাপক আৰু আকৰ্ষণীয় শিক্ষণ অভিজ্ঞতা নিশ্চিত কৰা হৈছে।