কোকা-কোলা ইণ্ডিয়া আৰু স্কিল ইণ্ডিয়াই ১৪,০০০ ৰিটেইলাৰক শক্তিশালী কৰাৰ উদযাপন কৰে

128

কোকাকোলা ইণ্ডিয়া আৰু নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচনে(এনএছডিচি) সহযোগিতামূলক ছুপাৰ পাৱাৰ ৰিটেইলাৰ কাৰ্যসূচীৰ জৰিয়তে সফলতাৰে সমগ্ৰ ওড়িশাৰ ১৪,০০০ৰো অধিক খুচুৰা বিক্ৰেতাক সবলীকৰণ কৰিছে। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ তত্বাৱধানত আৰম্ভ হোৱা এই পদক্ষেপে যোৱা অক্টোবৰ মাহত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মুকলি কৰা এই পদক্ষেপৰ জৰিয়তে ৰাজ্যসমূহৰ খুচুৰা বিক্ৰী ক্ষেত্ৰখনত এক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্য হাতত লোৱা হৈছে। এনএছডিচিৰ চিইঅ’ বেদমণি তিৱাৰীয়ে প্ৰযুক্তিগত অগ্ৰগতিৰ এই পৰিৱেশৰ মাজত খুচুৰা দক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত এই পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। তিৱাৰীয়ে কোকাকোলা ইণ্ডিয়াৰ সৈতে অংশীদাৰিত্বৰ ওপৰত নিজৰ আস্থা প্ৰকাশ কৰি খুচুৰা বিক্ৰেতাসকলক অত্যাৱশ্যকীয় দক্ষতাৰে সজ্জিত কৰাৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাৰ ফলত অৰ্থনৈতিক বিকাশৰ সম্ভাৱনা বৃদ্ধি পাইছে।

কোকাকোলা ইণ্ডিয়া এণ্ড চাউথৱেষ্ট এছিয়াৰ মানৱ সম্পদ বিভাগৰ উপাক্ষ্যক্ষ আইৰিন টানে খুচুৰা বিক্ৰেতাসকলৰ বাবে এক সক্ষম পৰিৱেশ গঢ়ি তুলিবলৈ এই পদক্ষেপৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। গ্ৰাহক ব্যৱস্থাপনা আৰু বিত্তীয় দক্ষতাৰ উদ্যোগ-নিৰ্দিষ্ট প্ৰশিক্ষণকে ধৰি উদ্ভাৱনীমূলক দক্ষতা বিকাশৰ পদক্ষেপৰ জৰিয়তে সমাজত প্ৰভাৱ পেলোৱাত এই কাৰ্যসূচীৰ ভূমিকাৰ বিষয়ে টানে উল্লেখ কৰে। এই পদক্ষেপৰ সফলতা গুৱাহাটীৰ দৰে বজাৰতো অনুৰণিত হৈছে, য’ত অনুৰূপ পদক্ষেপে স্থানীয় ব্যৱসায়ীসকলক শক্তিশালী কৰি তুলিছে। স্কিল ইণ্ডিয়া ডিজিটেল হাব (এছআইডিএইচ)ৰ জৰিয়তে স্থানীয়ভাৱে প্ৰশিক্ষণ আৰু ডিজিটেল অভিগম্যতাৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে বজাৰৰ গতিশীলতাৰ সৈতে নিৰৱচ্ছিন্নভাৱে খাপ খুৱাই নিজৰ কাৰ্যকৰী দক্ষতা বৃদ্ধি কৰিছে।

এই বিস্তৃত পদ্ধতিয়ে কেৱল ব্যৱসায়িক বুদ্ধিমত্তাক শক্তিশালী কৰাই নহয়, লগতে লিংগ বৈষম্য নোহোৱা কৰি লিংগ বৈচিত্ৰ্যতাৰ চেম্পিয়ন ৰূপে স্বীকৃত হৈছে, য’ত যথেষ্ট মহিলাৰ অংশগ্ৰহণে সমগ্ৰ অঞ্চলটোত নিয়োগ বৃদ্ধি-সবলীকৰণত অৰিহণা যোগাবলৈ সক্ষম হৈছে।