জয়ন্ত চৌধুৰীয়ে সম্বৰ্ধনা জ্ঞাপন কৰিলে ৩২ গৰাকী স্বাস্থ্যসেৱা পেছাদাৰীক

113

ভাৰতীয় নাৰ্ছসকলক বিশ্বব্যাপী কেৰিয়াৰৰ সুযোগ আদায়ৰ বাবে সবলীকৰণ কৰিবলৈ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় (স্বতন্ত্ৰ)ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে জাৰ্মান ভাষাৰ প্ৰশিক্ষণৰ বি ১ লেভেল সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে ৩২ গৰাকী স্বাস্থ্যসেৱা পেছাদাৰীক সম্বৰ্ধনা জ্ঞাপন কৰিছে। এই প্ৰশিক্ষণৰ লক্ষ্য হৈছে জাৰ্মানীত সফল কেৰিয়াৰ আৰু জীৱিকাৰ বাবে নাৰ্ছসকলক প্ৰয়োজনীয় ভাষা দক্ষতাৰে সজ্জিত কৰি তোলা।

কেন্দ্ৰীয় চৰকাৰৰ স্কিল ইণ্ডিয়া মিছনৰ লক্ষ্য হৈছে অভিলাষী কৌশলৰ জৰিয়তে ভাৰতক দক্ষ প্ৰতিভাৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে গঢ়ি তোলা। স্কিল ইণ্ডিয়া ইণ্টাৰনেচনেলৰ বিশেষ পদক্ষেপৰ অধীনত বি এছ চি নাৰ্চিং বা জেনেৰেল নাৰ্চিং এণ্ড মিডৱাইফাৰী (জি এন এম) পাঠ্যক্ৰম সম্পূৰ্ণ কৰা সকলো প্ৰাৰ্থীকে দুমাহৰ পৰা তিনিমাহলৈ বিস্তৃত আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচী প্ৰদান কৰা হয়। পেছাদাৰী জাৰ্মান স্থানীয় প্ৰশিক্ষকৰ দ্বাৰা প্ৰদান কৰা এই প্ৰগ্ৰামে অংশগ্ৰহণকাৰীসকলে শীৰ্ষ-মানদণ্ডৰ ভাষাৰ শিক্ষা লাভ কৰাটো নিশ্চিত কৰে।

দক্ষতা বিকাশ আৰু উদ্যমিতা (এম এছ ডি ই) মন্ত্ৰালয় আৰু এনএছডিচি ইণ্টাৰনেচনেলে ৫৮,০০০ৰো অধিক দক্ষ ভাৰতীয়ক বিভিন্ন দেশত সফলতাৰে স্থান দিবলৈ সক্ষম হৈছে, যাৰ উদ্দেশ্য হৈছে বিশ্বব্যাপী দক্ষতাৰ পাৱাৰ হাউছ ৰূপে ভাৰতক গঢ়ি তোলা। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ কেন্দ্ৰীয়(স্বতন্ত্ৰ) ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে কয় যে এই পদসমূহ কেন্দ্ৰীভূতভাৱে পূৰণ কৰিবলৈ আমাৰ সঠিক পন্থা থকাটো অতি প্ৰয়োজনীয় আৰু উদ্যোগৰ সৈতে স্কিল ইণ্ডিয়া ইণ্টাৰনেচনেলৰ শক্তিশালী সংযোগে এই ব্যৱধান নোহোৱা কৰিব পাৰে। মই প্ৰতিজন ব্যক্তিক অভিনন্দন জনাবই লাগিব কাৰণ আপোনালোক প্ৰত্যেকেই একো একোজন পৰিৱৰ্তনৰ ৰূপকাৰ আৰু ভাৰতৰ প্ৰকৃত ৰাষ্ট্ৰদূত।”