বিবেক চন্দ্ৰকান্ত টংগাংকাৰক অ’এনজিচিত সঞ্চালক (বিত্ত) হিচাপে নিযুক্তি হৈছে

149

অ’এনজিচিয়ে ২০২৪ৰ ২ জুলাইত বিবেক চন্দ্ৰকান্ত তংগাউকাৰক নতুন সঞ্চালক (বিত্ত) হিচাপে নিযুক্তি দিয়াৰ কথা প্ৰকাশ কৰিছে। তংগাউকাৰ হৈছে শক্তি মূল্য-শৃংখলৰ বিভিন্ন সেৱাৰে ৩৭ বছৰতকৈও অধিক সময়ৰ পেছাদাৰী অভিজ্ঞতা থকা এজন অভিজ্ঞ ব্যক্তি। বৈদ্যুতিক অভিযান্ত্ৰিক আৰু ব্যৱসায় প্ৰশাসন বিষয়ৰ ডিগ্ৰীধাৰী তংগাউকাৰে জীৱনৰ বিচিত্ৰ অভিজ্ঞতা, বিত্তীয় আৰু পৰিচালনামূলক নেতৃত্বৰে বহুতো অনন্য অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছে, যাৰ জৰিয়তে ভাৰতৰ এনাৰ্জী মহাৰত্নত নিজৰ মূল্যৱান সংযোজন বা উপস্থিতি প্ৰমাণ কৰিবলৈ সক্ষম হৈছে।

 ইয়াৰ পূৰ্বে ২০২৩ৰ মে’ মাহৰ পৰা ২০২৪ৰ জুনলৈকে অ’এনজিচিৰ ডাউনষ্ট্ৰিম সহযোগী প্ৰতিষ্ঠান-মাংগালোৰ ৰিফাইনেৰী এণ্ড পেট্ৰ’কেমিকেলছ লিমিটেড(এমআৰপিএল)ত সঞ্চালক (বিত্ত) আৰু চিএফঅ’ হিচাপে কাম কৰিছিল তংগাউকাৰে। ইয়াৰ লগতে কেইবাটাও পৰিৱৰ্তনশীল বিত্তীয় কৌশল ৰূপায়ণ কৰিছিল তংগাউকাৰে, যাৰ ফলত এমআৰপিএলৰ বিত্তীয় স্থিতি আৰু বজাৰৰ সামগ্ৰিক অৱস্থা যথেষ্ট বৃদ্ধি পাইছিল। প্ৰায় ৩,১৭৩ কোটি টকাৰ উচ্চ সুতৰ ম্যাদী ঋণৰ পূৰ্ব পৰিশোধ কৰি বাৰ্ষিক প্ৰায় ২০০ কোটি টকাৰ সুতৰ খৰচ ৰাহি কৰিবলৈ সক্ষম হৈছিল, ফলত কোম্পানীটোৰ ঋণৰ পৰিমাণ আৰু ঋণ-ইকুইটি অনুপাত উন্নীত হৈছিল আৰু বিনিয়োগকাৰীৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ এমআৰপিএলৰ বজাৰ মূলধন ৪৭৭% বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল, এইসমূহ আছিল তেংগাউকাৰৰ কাৰ্যকালত এমআৰপিএলত কিছুমান উল্লেখযোগ্য সাফল্য।

বৰ্তমান তংগাউকাৰে অ’এনজিচি গ্ৰুপ অৱ কোম্পানীৰ ভিতৰৰ অন্যতম প্ৰধান সত্তা মাংগালোৰ স্পেচিয়েল ইকনমিক জ’ন লিমিটেড(এমএছইজেএল)ৰ ব’ৰ্ডৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে। তংগাউকাৰে এমআৰপিএলত কাৰ্যকালৰ পূৰ্বে অ’এনজিচিৰ প্ৰধান কৰ্পৰেট বিত্তৰ কাৰ্যবাহী সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল, এই সময়ছোৱাত গুৰুত্বপূৰ্ণ বিত্তীয় পৰ্টফলিঅ’সমূহৰ তদাৰক কৰিছিল আৰু ৰূপান্তৰকামী পদক্ষেপৰ জৰিয়তে সংস্থাটোৰ পথ প্ৰদৰ্শন কৰিছিল। ২০২১ৰ এপ্ৰিলৰ পৰা ২০২১ৰ ডিচেম্বৰলৈকে তংগাউকাৰে অ’এনজিচিৰ চিএফঅ’ৰ দায়িত্বও পালন কৰিছিল। তংগাউকাৰে মুম্বাইত চীফ অফশ্ব’ৰ ফাইনেঞ্চৰ কাৰ্যবাহী সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল, অ’এনজিচিৰ সৰ্ববৃহৎ পৰিচালনা আৰু ৰাজহ এলেকাৰ বিত্তীয় কাম-কাজসমূহো পৰিচালনা কৰিছিল। তংগাউকাৰৰ কৌশলগত পদক্ষেপসমূহৰ ভিতৰত আছিল বৈদেশিক মুদ্ৰা ক্ৰয় কেন্দ্ৰীভূত কৰা যাৰ ফলত যথেষ্ট ব্যয় ৰাহি হৈছিল আৰু ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত বিত্তীয় কাম-কাজৰ ধাৰাবাহিকতা নিশ্চিত হৈছিল। অ’এনজিচিয়ে তংগাউকাৰৰ নেতৃত্ব আৰু দক্ষতাৰে আগুৱাবলৈ যথেষ্ট আগ্ৰহী কিয়নো তংগাউকাৰে সঞ্চালক (বিত্ত) আৰু চিএফঅ’ৰ দায়িত্বত ন্যস্ত হৈছে, যিগৰাকী ব্যক্তিয়ে বিত্তীয় উৎকৃষ্টতাক আগুৱাই লৈ গৈ সংস্থাটোৰ অবিৰত বৃদ্ধি আৰু সফলতাৰ বাবে অৰিহণা যোগাইছে।