বাঘমাৰাচৰ নৈপৰীয়া প্ৰাঃস্বাঃ কেন্দ্ৰত চৰম অৰাজকতাৰ অভিযোগ

42

বাঘমাৰাচৰ নৈপৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই পুনৰাই উন্মোচিত কৰিছে স্বাস্থ্য বিভাগৰ পায়ালগা ছবি৷পৰিবৰ্তন কামী বিজেপি চৰকাৰ খনে উন্নয়নৰ নামত ঢাক ঢোল বজালেও গাওঁ অঞ্চলত যে ইয়াৰ প্ৰভাৱ একেবাৰে শূণ্য তাৰে বাস্তব ছবি উদঙাই দিছে স্বাস্থ্য কেন্দ্ৰটোৱে৷

চিকিৎসক অবিহনেই চলিছে এখন চৰকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ।যাৰ ফলত বৃহত্তৰ বাঘমাৰাচৰৰ লগতে পাৰ্শৱৰ্তী কেইবাটাও অঞ্চলৰ ৰোগী সকলোৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ ময় পৰিস্থিতিৰ৷চিকিৎসালয় খনত নিতৌ পাৰ্শ্বৱৰ্তী কেবাটাও অঞ্চলৰ শ শ ৰোগীয়ে চিকিৎসা কৰিবলৈ আহে৷যদিও চিকিৎসকৰ অনীয়মীয়া উপস্থিতিৰ বাবে বিনা চিকিৎসাই ঘুৰি যাব লগীয়া হোৱা বুলি সাংবাদিকৰ আগত ৰোগী সকলে সদৰী কৰে৷

এনেদৰে আৰু কিমান দিন চিকিৎসা অবিহনে জীয়াই থাকিব লাগিব চৰাঞ্চলৰ ৰাইজে? স্বাস্হ্য বিভাগে এনে মনমৰ্জি দেখুৱা চিকিৎসকৰ বিৰুদ্ধে ব্যৱস্থা কিবা ব্যৱস্থা গ্ৰহণ কৰি অঞ্চলবাসী ৰাইজক নিয়মীয়াকৈ চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হ’ব নে?