টাটা এআইজিৰ বিস্তৃত মটৰ ইঞ্চুৰেন্সৰ সৈতে বাৰিষাৰ মাজেৰে নিৰাপদে চলাওক বাহন

142

দেশৰ আগশাৰীৰ বীমা প্ৰদানকাৰী প্ৰতিষ্ঠান টাটা এআইজিয়ে গুৱাহাটী আৰু অসমৰ অন্যান্য বানপীড়িত অঞ্চলত বাৰিষাৰ বানপানীৰ মাজতে যান-বাহন সুৰক্ষাৰ লক্ষ্যৰে বিশেষ মটৰ ইঞ্চুৰেন্স সমাধানৰ ব্যৱস্থা কৰিছে। যোৱা কেইবাদিনো অসমৰ বহু অঞ্চল প্লাৱিত হৈ আছে, ৰাজধানী গুৱাহাটীও এসপ্তাহজুৰি মুষলধাৰ বৰষুণৰ বাবে কৃত্ৰিম বানৰ সমস্যাত জুৰুলা হৈছে, সেয়েহে এই বাৰিষাৰ সময়ছোৱাত যান-বাহনৰ সুৰক্ষা যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে।

টাটা এআইজিয়ে শেহতীয়াকৈ আগবঢ়োৱা অফাৰসমূহৰ ভিতৰত আছে ইঞ্জিন ছিকিউৰ, বানপানী আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বাহনসমূহক পানী সোমোৱাৰ পৰা ৰক্ষা কৰা। এই পলিচীয়ে ন’ ক্লেইম বোনাছ (এনচিবি)ক প্ৰভাৱিত নকৰাকৈ গ্লাছ, ফাইবাৰ, প্লাষ্টিক আৰু ৰবৰৰ দৰে অত্যাৱশ্যকীয় উপাদানসমূহৰ সৰু সৰু ক্ষতি বা নষ্ট হ”লেও মেৰামতিৰ খৰচৰ ব্যৱস্থা কৰে। ইয়াৰ উপৰিও ডেপ্ৰিচিয়েচন ৰিম্বাৰ্ছমেণ্ট(মূল্য হ্ৰাস পৰিশোধ) কভাৰে কৰ্তন নকৰাকৈ সম্পূৰ্ণ অংশ সলনি কৰাটো নিশ্চিত কৰে, যাৰ ফলত পলিচীহল্ডাৰসকলে যথেষ্ট সঞ্চয় কৰিবলৈ সক্ষম হয়।

পানীৰ ফলত হোৱা বৈদ্যুতিক ক্ষতি নোহোৱা কৰিবলৈ ইলেক্ট্ৰিক চাৰ্জ সুৰক্ষিত শ্বিল্ডে ৰক্ষা কৰে, আনহাতে এনচিবি প্ৰটেকচন কভাৰে প্ৰিমিয়াম ৰেহাইৰ সৈতে আপোচ নকৰাকৈ ক্লেইমৰ সুযোগ দিয়ে। এই বৈশিষ্ট্যসমূহৰ পৰিপূৰক হৈছে দেশজুৰি ১০,০০০ৰো অধিক গেৰেজৰ নেটৱৰ্কত বিনামূলীয়া ট’য়িং সেৱা আৰু অন-ৰোড মেৰামতিৰ সমৰ্থন, যিয়ে চালকসকলৰ বাবে নূন্যতম বিঘিনি বা বাধাহীন অগ্ৰগতি নিশ্চিত কৰে।

টাটা এআইজিৰ মটৰ ইঞ্চুৰেন্সৰ ছিনিয়ৰ ইভিপি আৰু অট’ এণ্ড এক্চুৰিয়েল এনালাইটিক্সৰ মুৰব্বী নীল চেড্ডাই এই বিষয়ে কয় যে, “আমাৰ মটৰ ইঞ্চুৰেন্সৰ সমাধানসমূহ ব্যাপক ৰূপত প্ৰদান কৰিব পৰাকৈ ডিজাইন কৰা হৈছে। সুৰক্ষা আৰু সমৰ্থনে নিশ্চিত কৰে যে আমাৰ গ্ৰাহকসকলে আত্মবিশ্বাস আৰু মানসিক শান্তিৰে এই ছিজনটো নেভিগেট কৰিব পাৰে।”