আমাজন ইণ্ডিয়াই গ্লবেল স্বেচ্ছাসেৱক মাহত কৰ্মচাৰী স্বেচ্ছাসেৱকৰ অংশগ্ৰহণত গঢ়িলে নতুন অভিলেখ

132

২০২৪ৰ মে’ মাহত উদযাপন কৰা গ্ল’বেল মন্থ অৱ ভলণ্টিয়াৰিঙত ভাৰতৰ কৰ্প’ৰেট কৰ্মচাৰী আৰু সহযোগীকে ধৰি ১.১ লাখৰো অধিক আমাজন কৰ্মচাৰীৰ অংশগ্ৰহণৰে নতুন অভিলেখ সৃষ্টিৰ কথা সগৌৰৱে ঘোষণা কৰিছে Amazon.inই, এই অংশগ্ৰহণৰ হাৰ প্ৰতি বছৰৰ বৃদ্ধিৰে ১০০% বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰা কোম্পানীটোৰ প্ৰভাৱ সৃষ্টি আৰু সমগ্ৰ সম্প্ৰদায়সমূহৰ সৈতে জড়িত হোৱাৰ গভীৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বিভিন্ন স্বেচ্ছাসেৱী প্ৰচেষ্টাৰ জৰিয়তে আমাজনে মহিলা সবলীকৰণ, বহনক্ষমতা, খাদ্য সুৰক্ষা আৰু শিক্ষাৰ দৰে প্ৰধান ধ্বজাবাহী ক্ষেত্ৰসমূহত গুৰুত্ব আৰোপ কৰিছে।

Amazon.inই সমগ্ৰ ভাৰতত ৪ শতাধিক স্বেচ্ছাসেৱকৰ বাবে সুযোগ আনি দিছে আৰু ৫৫টাতকৈও অধিক অ-লাভজনক সংগঠনৰ সৈতে অংশীদাৰীত্ব কৰিছে, য’ত কৰ্মচাৰীসকলে বিভিন্ন কাৰ্যালয়ৰ ভিতৰত, কাৰ্যালয়ৰ বাহিৰত আৰু ভাৰ্চুৱেলীও স্বেচ্ছাসেৱী কাৰ্যকলাপত অংশগ্ৰহণ কৰিব পাৰে। এই মানৱদৰদী পদক্ষেপৰ বিষয়ে আমাজন ইণ্ডিয়াৰ উপাধ্যক্ষ তথা কাণ্ট্ৰী মেনেজাৰ মনীষ তিৱাৰীয়ে কয় যে, “আমি গোটেই বছৰটোত এক স্থায়ী প্ৰভাৱ পেলাবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰু আমি বাস কৰা বা কাম কৰা সম্প্ৰদায়বোৰৰ সৈতে সঠিক ওচৰ-চুবুৰীয়া হ’বলৈ প্ৰয়াস কৰি আৰু অধিক ভাল কৰিবলৈ আমাৰ সম্পদৰ ব্যৱহাৰ অব্যাহত ৰাখিম।”

স্বেচ্ছাসেৱকক ইতিবাচক ৰূপত এক বিশ্বব্যাপী শক্তি হিচাপে প্ৰচাৰ কৰিবলৈ Amazon.inই স্বেচ্ছাসেৱকক নিয়োজিত কৰি আহিছে। এই স্বেচ্ছাসেৱকসকলে স্থানীয় আত্মসহায়ক গোটৰ সৈতে অংশীদাৰিত্ব কৰি থলুৱা সামগ্ৰীৰ প্ৰচাৰ কৰি আহিছে, লগতে ছাত্ৰীক ষ্টেম(এছটিইএম) শিক্ষাত সহায় কৰিছে, কাপোৰক বেগলৈ ৰূপান্তৰিত কৰি আৱৰ্জনা হ্ৰাস কৰিছে, ৰেচন কিট বিতৰণ কৰিছে আৰু আকৰ্ষণীয় শিক্ষণ মডিউল সৃষ্টি কৰিছে। এই প্ৰচেষ্টাসমূহৰ জৰিয়তে সম্প্ৰদায়সমূহক সবলীকৰণ, বহনক্ষম জীৱিকাৰ প্ৰসাৰ আৰু অভাৱগ্ৰস্ত বা দৰিদ্ৰ পৰিয়ালমূহত সৃষ্টিশীলতা আৰু জ্ঞানৰ সজীৱ কেন্দ্ৰ সৃষ্টি কৰাই হৈছে প্ৰধান লক্ষ্য।