জলবন্ধী পশ্চিম বৰবালাৰ-বালাৰভিঠাৰ ৰাইজ

68

এক বিসংগতিমূলক ৰাস্তা নিৰ্মাণৰ বাবেই বৰপেটা জিলাৰ নৱ গঠিত পাকাবেতবাৰী সমষ্টিৰ পশ্চিম প্ৰান্তত অৱস্থিত বৰবালা অঞ্চলত ৰাইজে দুৰ্ভোগ ভুগিছে । উল্লেখযোগ্য যে ¸ কেইবাদিনৰ নেৰানেপেৰা বৰষুণৰ ফলত বাৰিষাৰ সৃষ্টি কৰি পশ্চিম বৰবালাত প্ৰৱল বানৰ সৃষ্টি হৈছে । ইতিমধ্যে বানৰ প্ৰৱল সোঁতত ‘চাৰি চেইন ৰোড’ হিচাপে পৰিচিত ৰাস্তাটোৰ দুটা ঠাইত ছিঙি নিয়া পৰিলক্ষিত হৈছে ।

ৰাস্তাটোৰ আৰম্ভণিত মাটিয়া মছজিদৰ অলপ পশ্চিম ফালে কালি ৰাতি তীব্ৰ বানে খহাই দ খাৱৈ সৃষ্টি কৰাৰ লগতে পশ্চিম বৰবালা মছজিদৰ কাষতো বানৰ তীব্ৰতাই ৰাস্তা খহাই দ খাৱৈত পৰিণত কৰে । ফলত পশ্চিম বৰবালা,উত্তৰ জাৰাবাৰী, বালাৰভিঠাৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ ৰাস্তাটো দুটা মূৰ বানপানীয়ে ছিঙি নিয়াৰ ফলত জনসাধাৰণৰ লগতে স্কুলীয়া ছাত্র-ছাত্ৰীৰ যাতায়াতৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সৃষ্টি হৈছে । এক কথাত এই অঞ্চলৰ ৰাইজ এতিয়া জলবন্ধী ।

ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানে মাটিয়া মছজিদৰ কাষত বানপানীয়ে ছিঙি নিয়া ঠাইডোখৰ পৰিদৰ্শন কৰি জিলা প্ৰশাসনক অতিশীঘ্ৰে ‘চাৰি চেইন ৰোড’ৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় । উল্লেখযোগ্য যে, স্বৰাজোত্তৰ কালৰেপৰাই এই অঞ্চলৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে । সৰুক্ষেত্ৰী আৰু বৰপেটা সমষ্টিৰ সীমামূৰীয়া অঞ্চল হোৱা বাবেই কোনো জনপ্ৰতিনিধিৰেই গুৰুত্ব নাই এই অঞ্চলৰ জনসাধাৰণৰ প্ৰতি ।

এই ৰাস্তাৰ দুয়োকাষে থকা মাটিৰ গৰাকীয়ে ক্ৰমান্বয়ে আহল-বহল ৰাস্তাটো দুয়োফালৰ পৰা ঠেক কৰা পৰিলক্ষিত হৈছে । ইফালে কদমগুৰী ঘাট চক বজাৰৰ দুয়োফালৰ পৰা মাটিৰ মালিকে ৰাস্তা ঠেক কৰাৰ অভিযোগ উঠিছে । পকী ৰাস্তাৰ পৰাই দুয়োকাষে দোকান-পোহাৰ নিৰ্মাণ কৰি ৰাস্তাত যান-যঁটৰ সৃষ্টি কৰিছে । সাধাৰণ পথচাৰীয়ে এইক্ষেত্ৰত বহুত অসুবিধাৰ সন্মুখীন হৈছে । গাড়ী-মটৰ সমূহ ৰাস্তাতেই পাৰ্কিং কৰি বজাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

এইক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰবালা, কদমগুৰী, বালাৰভিঠা অঞ্চলৰ সমাজ সচেতন ৰাইজে আহ্বান জনাইছে ।