স্থানীয় উন্নয়নত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ অ’এনজিচি

106

অ’এনজিচিৰ আঞ্চলিক ভূ-বিজ্ঞান লেব (আৰজিএল)ক অসমৰ বাহিৰলৈ স্থানান্তৰিত কৰাৰ সন্দৰ্ভত কেইখনমান বাতৰি কাকতত প্ৰকাশিত শেহতীয়া বাতৰি সন্দৰ্ভত অ’এনজিচিয়ে স্পষ্ট কৰি কয় যে বৰ্তমানৰ আৰজিএলক শিৱসাগৰৰ পৰা স্থানান্তৰ কৰাৰ কোনো পৰিকল্পনা নাই। অসমতে আঞ্চলিক ভূ-বিজ্ঞান লেব (আৰজিএল) থকাৰ কথা পুনৰ এবাৰ নিশ্চিত কৰিছে অ’এনজিচিয়ে।

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু বিশেষকৈ অসমত বৰ্ধিত কাৰ্যকৰী প্ৰয়োজনীয়তা পূৰণ কৰাৰ উদ্দেশ্য যোৰহাটতো উন্নত প্ৰযুক্তিৰে এটা নতুন আৰজিএল নিৰ্মাণ কৰা হৈছে বুলিও উল্লেখ কৰে। যি লেবটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষণ, দক্ষতা বিকাশ আৰু গৱেষণাৰ কামৰ বাবে এক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ  ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। শিৱসাগৰত বৰ্তমান থকা আৰজিএল ভৱনটো পুনৰনিৰ্মাণৰ কাম চলি আছে। অ’এনজিচিয়ে স্থানীয় সংগঠনসমূহক অসমৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ প্ৰতি তেঁওলোকৰ প্ৰতিশ্ৰুতিৰ বিষয়ে আশ্বস্ত কৰি কয় যে ই কাৰ্যকৰী দক্ষতা বৃদ্ধি আৰু ইয়াৰ কাৰ্যকলাপত উৎকৃষ্টতা অৰ্জনৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে, যি হৈছে আভ্যন্তৰীণ সাংগঠনিক সেৱা প্ৰদান উন্নত কৰাৰ নিৰন্তৰ প্ৰচেষ্টাৰ অংশ।

অসমৰ অৰ্থনীতি আৰু সামাজিক গাঁথনিৰ এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান অ’এনজিচিয়ে তেঁওলোকৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) পদক্ষেপৰ জৰিয়তে সমাজ কল্যাণৰ বাবে সমৰ্পিত, স্বাস্থ্যসেৱা, শিক্ষা, আন্তঃগাঁথনি আৰু দক্ষতা বিকাশৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে।