বানপানীৰ সময়ত লব লগা সাবধানতা সন্দৰ্ভত বৰপেটাত মকড্ৰিল

74

সাবধানতা আৰু বানত আবদ্ধ লোকক উদ্ধাৰ সন্দৰ্ভত লব লগা ব্যৱস্থাৰ ওপৰত ৰাইজক সজাগতা কৰাৰ উদ্দেশ্যে বৰপেটা জিলাৰ বাগোদীত এক সজাগতা অভিযান আৰু মকড্ৰিল অনুষ্ঠিত হৈ যায় ৷

বৰপেটা জিলা দুৰ্যোগ প্ৰশমন বিভাগ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ উদ্যোগত আৰু এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানৰ সহযোগত বৰপেটা জিলাৰ বৰপেটা ৰাজহ চক্ৰৰ অধীনৰ বাগোদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত সজাগতা আৰু মকড্ৰিলৰ সময়ত বিভাগ দুটাৰ ভালে সংখ্যক বিষয়া কৰ্মচাৰী উপস্থিত আছিল ৷

এই সজাগতা মূলত অনুষ্ঠানত এন এন ডি আৰ এফ জিলা দুৰ্যোগ প্ৰশমন বিভাগ আৰু অগ্নি আৰু আপদ কালীন বিভাগে বানপানীৰ সময়ত লব লগা অনুসন্ধান আৰু উদ্ধাৰৰ কৌশল সমুহৰ ওপৰত লব লগা সাবধনতাৰ ওপৰত মকড্ৰিল কৰি দেখুৱায় ৷

অনুষ্ঠানত চক্ৰ বিষয়া চন্দন কলিতা, জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ জিলা আঁচনি বিষয়া ডঃ
নন্দিতা দত্ত, পৰামৰ্শদাতা জিয়াউৰ ৰহমান, এন ডি আৰ এফ ,এছ ডি আৰ এফ , স্বাস্থ্য বিভাগ আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে ৷