‘এনছাৰ বেক’ বৈশিষ্ট্যৰ সৈতে ফেচিনো এছ মুকলি আইৱাইএমৰ

136

ইণ্ডিয়া য়ামাহা মটৰ (আইৱাইএম) প্ৰাইভেট লিমিটেডে ‘দ্য কল অৱ দ্য ব্লু’ ব্ৰেণ্ড অভিযানৰ সৈতে সংগতি ৰাখি ‘এনছাৰ বেক’ বৈশিষ্ট্যৰে মুকলি কৰিলে ফেচিনো এছ মডেল। ফেচিনো এছ মডেলে ষ্টাইলিছ ইউৰোপীয় ডিজাইন, পৰিৱেশন আৰু উদ্ভাৱনৰ সাৰমৰ্মক সামৰি লৈছে। য়ামাহা পৰ্টফলিঅ’ৰ শেহতীয়া সংযোজন প্ৰিমিয়াম স্কুটাৰ মডেল আকৰ্ষণীয় মেট ৰেড আৰু মেট ব্লেক ৰঙৰ শ্বেডত উপলব্ধ, লগতে আকৰ্ষণীয় ডাৰ্ক মেট ব্লু ৰঙৰ বিকল্পত পোৱা যাব, যিয়ে ব্ৰেণ্ডটোৰ আড়ম্বৰ আৰু ষ্টাইলৰ বাবে থকা সুনাম আৰু অধিক বৃদ্ধি কৰিছে।

২০২৪ ফেচিনো এছ মডেলত য়ামাহাৰ ‘এনছাৰ বেক’ ফাংচন ৰখা হৈছে, যি ‘য়ামাহা স্কুটাৰ এনছাৰ বেক’ মোবাইল এপ্লিকেচনৰ জৰিয়তে উপলব্ধ, যাৰ জৰিয়তে গ্ৰাহকে ‘এনছাৰ বেক’ বুটাম টিপি সহজেই নিজৰ স্কুটাৰৰ স্থান নিৰ্ণয় কৰিব পাৰিব। এই এপ্লিকেচনে বাওঁ আৰু সোঁ দুয়োটা ইণ্ডিকেটৰ আৰু এটা হৰ্নৰ শব্দ প্ৰায় দুই ছেকেণ্ডৰ বাবে সক্ৰিয় কৰি তোলে, যাৰ ফলত আৰোহীৰ সুবিধা আৰু গ্ৰাহকৰ অভিজ্ঞতা বৃদ্ধি পায়। গুগল প্লে ষ্ট’ৰ/এপ ষ্ট’ৰৰ পৰা সহজেই ইয়াক ইনষ্টল কৰিব পাৰি।

য়ামাহাৰ ফেচিনো এছ মডেলত স্মাৰ্ট মটৰ জেনেৰেটৰৰ সৈতে ১২৫ চিচি ব্লু ক’ৰ হাইব্ৰিড ইঞ্জিন আছে, যিয়ে “চাইলেণ্ট ষ্টাৰ্ট” আৰু “পাৱাৰ এছিষ্ট” পাৰফৰ্মেন্স সক্ষম কৰি তোলে। য়ামাহা মটৰ ইণ্ডিয়া গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ ঈশিন চিহানাই কয় যে, “আমি আমাৰ গ্ৰাহকসকলক এক সমৃদ্ধিশালী অভিজ্ঞতা প্ৰদান কৰিবলৈ আগলৈও এনে সুবিধাজনক বৈশিষ্ট্য উদ্ভাৱন আৰু প্ৰৱৰ্তন কৰি যাম।”