স্বয়ংক্ৰিয় ট্ৰেন্সমিছনৰ সৈতে কুশ্বক অনিক্সৰ আপগ্ৰেড কৰিলে স্কোডা অটো ইণ্ডিয়াই

128
Kushaq Onyx AT

স্কোডা অটো ইণ্ডিয়াই নিজৰ নিৰন্তৰ সামগ্ৰীৰ কাৰ্য-কৌশলৰ পৰিৱৰ্তন ঘটাই ৫-তাৰকাযুক্ত নিৰাপদ বহৰক অধিক উন্নীতকৰণ কৰি  কুশ্বক অনিক্স এ টি মুকলি কৰিছে। স্কোডাৰ অনুৰাগী আৰু গ্ৰাহকসকলক সন্তুষ্টি আৰু সঠিক মূল্য প্ৰদান কৰাৰ লক্ষ্যৰে গ্ৰাহকৰ বিভিন্ন মতামতৰ ভিত্তিত ২০২৩ৰ প্ৰথম ত্ৰৈমাসিকত প্ৰথমে অনিক্স মুকলি কৰা হৈছিল। শেহতীয়াকৈ গ্ৰাহকৰ মতামতৰ ভিত্তিত স্কোডা অটো ইণ্ডিয়াই এতিয়া কুশ্বক অনিক্সক অটোমেটিক ট্ৰেন্সমিছন আৰু বহুতো নতুন বৈশিষ্ট্যৰে উন্নীত কৰা হৈছে, যাৰ ফলত নিজৰ ছেগমেণ্টৰ আটাইতকৈ সুলভ অটোমেটিক ৰূপে পৰিগণিত হৈছে।

স্কোডাৰ এই নতুন এছইউভি অনিক্স এটি হৈছে এক্টিভ আৰু এম্বিচন ভেৰিয়েণ্টৰ মিশ্ৰণ। ইয়াত ডিআৰএলৰ সৈতে ক্রিষ্টলাইন এলইডি হেডলেম্প, ষ্টেটিক কৰ্নাৰিং ফাংচনৰ সৈতে ফ্ৰণ্ট ফগ লেম্প, ৱাইপাৰ আৰু ডিফগাৰ, টেকটন হুইল কভাৰ আৰু বি-পিলাৰত ‘অনিক্স’ বেজিং প্ৰদান কৰা হৈছে। এছইউভিখনৰ ভিতৰত অনিক্স এটিত হিল হোল্ড কণ্ট্ৰল আৰু পেডেল শ্বিফ্টাৰ, ক্ৰ’ম স্ক্ৰ’লাৰৰ সৈতে ২-স্প’ক, মাল্টিফাংচন লেডাৰ ষ্টিয়াৰিং চি হুইল, স্কোডাৰ ক্লাইমেট্ৰনিক টাচ্চ পেনেল আৰু সন্মুখৰ স্ক্ৰাফ প্লেটত ‘অনিক্স’ ইনস্ক্ৰিপচন(লিপি) দিয়া হৈছে।

ইয়াৰ লগতে অনিক্স থিমৰ কুশ্বন আৰু টেক্সটাইল মেট আৰু গাড়ীখনত মানসম্পন্ন ছটা এয়াৰবেগ ৰখা হৈছে। স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড ডাইৰেক্টৰ পেট্ৰ জেনেবাই এই বিষয়ে কয় যে, “এক্টিভ ট্ৰিমৰ মূল্যক অধিক ভেৰিয়েণ্টৰ সা-সুবিধাৰে সংযুক্ত কৰি আমাৰ বাহন সূচীত অনিক্স ভেৰিয়েণ্ট অন্যতম প্ৰধান সংযোজন ৰূপে পৰিগণিত হৈছে।”