আজিৰ মহিলাসকলক উদযাপন : পিজিআই ইণ্ডিয়া আৰু চেংকো গোল্ড এণ্ড ডাইমণ্ডছে আগবঢ়াইছে ‘প্লেটিনাম ইভাৰাৰ নোভা সংগ্ৰহ’

84

প্লেটিনাম গিল্ড ইণ্টাৰনেচনেল (পিজিআই)- ইণ্ডিয়াই চেংকো গোল্ড এণ্ড ডাইমণ্ডৰ সহযোগত সগৌৰৱে মুকলি কৰিলে প্লেটিনাম ইভাৰা নোভা কালেকচন, যিয়ে আধুনিক মহিলাক আনন্দ, প্ৰচুৰতা আৰু সবলীকৰণেৰে মূৰ্ত কৰি তুলিছে। আঠ দশকৰো অধিক সময়ৰ সমৃদ্ধ ইতিহাসেৰে পৰিপূৰ্ণ চেংকো গোল্ড এণ্ড ডাইমণ্ডছ ইণ্ডিয়াই নিজৰ উন্নত মানৰ গহনাসমূহৰ বাবে পৰিচিত, যিয়ে ব্যতিক্ৰমী কাৰুকাৰ্য, সুন্দৰ ডিজাইন আৰু কালজয়ী আড়ম্বৰৰ মিশ্ৰণ ঘটাই গ্ৰাহকৰ মন জয় কৰি আহিছে। সৃষ্টিশীলতা আৰু শিল্পকলাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি নতুন প্লেটিনাম গহনা সংকলনে বিভিন্ন অনুষ্ঠানৰ বাবে পিন্ধিব পৰা বিস্তৃত বিবৃতিৰ গহনা, যিসমূহ বিভিন্ন ধৰণৰ সাজ-পোছাকৰ সৈতে খাপ খাই পৰাকৈ পৰিধান কৰিব পাৰি। প্লেটিনামৰ অন্তৰ্নিহিত গুণাগুণবোৰক মেটেল হিচাপে প্ৰতিফলিত কৰি- পৰিষ্কাৰ ৰেখা, আড়ম্বৰ আৰু কালজয়ী সুন্দৰতা তথা উৎকৃষ্ট ক্লাছি পৰিশীলনৰ মাজেদি প্লেটিনাম ইভাৰা নোভা সংগ্ৰহে আজিৰ বহুমুখী মহিলাসকলৰ গতিশীল মনোভাৱৰ সৈতে অনুৰণিত কৰিব পৰাকৈ প্ৰস্তুত কৰা হৈছে। ৯৫% বিশুদ্ধ প্লেটিনামেৰে তৈয়াৰী এই সংগ্ৰহৰ প্ৰতিটো গহনাত প্লেটিনামৰ বহুমুখীতা আৰু সৌন্দৰ্য প্ৰদৰ্শন কৰা হৈছে, যাৰ পৰিপূৰক হৈছে উৎকৃষ্ট হীৰা আৰু অন্যান্য মূল্যৱান ষ্টনৰ লগতে গুলপীয়া স্বৰ্ণৰ স্পৰ্শ। প্লেটিনামৰ প্ৰাকৃতিকভাৱে বগা উজ্জ্বলতাই ডিজাইনক অপূৰ্ব কৰি তোলে, এই কালেকচনে আধুনিকতা আৰু সুন্দৰতাৰ এক সুখানুভূতি প্ৰদৰ্শন কৰে।

এই সংগ্ৰহত জৈৱিক নেতিবাচক স্থান, কোমল-স্তৰ আৰু অনন্য মাত্ৰাৰ লগতে সূক্ষ্ম আৰু পৰিষ্কাৰ ৰেখা, স্কেল আৰু খাঁজ তথা বক্ৰ আকৃতিৰ দৰে উপাদানসহ আকৰ্ষণীয় থীমত প্ৰস্তুত কৰি তোলা হৈছে, যিবোৰ ডিজাইনে ব্যক্তিগৰাকীক তৎক্ষণাৎ উন্নীত কৰি তোলে, যিয়ে এই গহনাক এক প্ৰকাৰৰ অনন্য আৰু সমসাময়িক গহনাত পৰিণত কৰে। এই সংগ্ৰহৰ মুখ্য আকৰ্ষণবোৰৰ ভিতৰত আছে নেকৱেৰ গহনা, যাৰ ভিতৰত আছে গুলপীয়া স্বৰ্ণৰ প্ৰলেপৰ লগতে হীৰাৰে সজ্জিত প্লেটিনাম, সূক্ষ্ম ডিজাইন থকা নান্দনিক ৰূপৰ কাণফুলি আৰু সঘনাই পিন্ধাৰ বাবে ডিজাইন কৰা পাতল ব্ৰেচলেটৰ সৈতে দুটা-ধাতুৰ চেইন নেকলেছ।

এই নতুন কালেকচনৰ বিষয়ে নিজৰ অভিমত প্ৰকাশ কৰি চেংকো গোল্ড এণ্ড ডাইমণ্ডৰ চিইঅ’ এণ্ড এমডি শুভংকৰ সেনে কয় যে,“মহিলাসকলৰ বাবে সম্পূৰ্ণ নতুন প্লেটিনাম ইভাৰা নোভা কালেকচন মুকলি কৰিবলৈ পিজিআই ইণ্ডিয়াৰ সৈতে সহযোগিতা কৰি আমি উৎফুল্লিত হৈছোঁ। আজিৰ নাৰী বহুমুখী; আধুনিক মহিলাসকলে নিজৰ সপোন ৰচিব জানে, নিজৰ উন্নত ৰূপে নিজে গঢ়ি তুলিবলৈ সক্ষম আৰু আজিৰ পৃথিৱীত নতুন যাত্ৰাত খোজ থোৱাৰ সময়ত নিজৰ অসাধাৰণ সম্ভাৱনাসমূহো প্ৰকাশ কৰিছে। মহিলাসকলৰ সাহসী মনোভাৱ আৰু অদম্য শক্তিৰ দ্বাৰা অনুপ্ৰাণিত এই সংকলনে মহিলাসকলৰ সাৰমৰ্মক উদযাপন আৰু ধৰি ৰাখি ‘নিউ ৱৰ্ল্ড, নিউ মি’ক কেন্দ্ৰ কৰি সজাই তোলা হৈছে। আমাৰ অভিজ্ঞ কাৰুশিল্পীৰ জৰিয়তে আমি হীৰা, বহুমূলীয়া ষ্টনৰ লগতে প্লেটিনামৰ দৰে বিৰল মেটেলৰ সৈতে গোলাপী স্বৰ্ণক মিহলাই এই কালেকচনক আধুনিক ৰূপ আৰু অনুভৱ প্ৰদান কৰিছোঁ। এই সংগ্ৰহৰ জৰিয়তে আমি মহিলাসকলক বহুমুখী অথচ উচ্চ প্লেটিনাম গহনা আগবঢ়োৱাৰ লক্ষ্য ৰাখিছো যিয়ে মহিলাসকলৰ ব্যক্তিত্ব আৰু আকাংক্ষাক প্ৰতিফলিত কৰে।”