ক্ৰিকেট তাৰকা ৰাহুল দ্ৰাবিড়, যশপ্ৰীত বুমৰাহ আৰু সূৰ্য কুমাৰ যাদৱে আৰম্ভ কৰিলে YiPPee!ৰ আকৰ্ষণীয় অভিযান: YiPPee! Toss

42

জনপ্ৰিয় ক্ৰিকেটাৰসকলে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ‘The Toss’ সন্দৰ্ভত কৰা ৰহস্যময় পোষ্টক লৈ কৌতুহলী হৈ পৰিছিল সকলো ক্ৰিকেট অনুৰাগী। আচলতে কি হয় এই বিষয়ে জানিবলৈ সকলোতে চৰ্চা চলিছিল, এই কথা-বতৰা লাখ লাখ মানুহে দৰ্শন কৰিছিল, অভাৱনীয় ভিউৰে ভাইৰেল হৈ পৰিল। অৱশেষত আইটিচি লিমিটেডৰ অগ্ৰণী ইনষ্টেণ্ট নুডলছ আৰু পাস্তা ব্ৰেণ্ড ছানফিষ্ট ‘YiPPee!-এ ইনষ্টাগ্ৰামত নিজৰ শেহতীয়া অভিযান ‘YiPPee! Toss’ প্ৰকাশ কৰি সকলো জল্পনা-কল্পনাৰ অন্ত পেলাইছিল।

এই কেম্পেইনত দেশৰ সবাতোকৈ প্ৰিয় ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়, যশপ্ৰীত বুমৰাহ আৰু সূৰ্য কুমাৰ যাদৱে YiPPee! নুডলছৰ অনন্য গুণক উজ্বল কৰি তুলিছে, যিবোৰ দীঘল আৰু আঠা-আঁহবিহীন। আমোদেৰে ভৰা এই অভিযানে প্ৰতিভাৱান ক্ৰিকেটাৰসকলৰ জনপ্ৰিয়তাক চঞ্চলভাৱে তুলি ধৰা হৈছে। এই বিজ্ঞাপনত অংশ গ্ৰহণ কৰি কিংবদন্তি ৰাহুল দ্ৰাবিড়ে কয় যে, “বুমৰাহ আৰু সূৰ্যকুমাৰ যাদৱৰ সৈতে এই অভিযানত কাম কৰাৰ সময় আছিল মধুৰ সময়। আমি কিবা এটা উপভোগ্য সৃষ্টি কৰাৰ প্ৰয়াস কৰিছোঁ আৰু আশা কৰোঁ সকলোৱে ভাল পাব।”

শেহতীয়াকৈ মুকলি কৰা টিভিচিসমূহত দ্ৰাবিড়, বুমৰাহ আৰু সূৰ্য কুমাৰ যাদৱক ধেমেলীয়া ৰূপত দেখুওৱা হৈছে য’ত কেউজন ক্ৰিকেটাৰে ‘YiPPeeToss’ ব্যৱহাৰ কৰি YiPPee! নুডলছৰ মাজেৰে বন্ধুত্বপূৰ্ণ ঠাট্টা-মস্কৰা আৰু আমোদজনক সময়ৰ মাজেৰে প্ৰিয় সময়বোৰ পাৰ কৰিছে। এয়া আচলতে ব্ৰেণ্ডটোৰ মূল আকৰ লং এণ্ড নন-ষ্টিকি নুডলছৰ ওপৰত অভিনৱ নাট্য ৰূপহে। প্ৰচাৰৰ পিছতে YiPPee! ‘ভাৰতৰ পছন্দ’ হিচাপে পৰিগণিত হৈছে। আইটিচি লিমিটেডৰ খাদ্য ব্যৱসায়ৰ স্নেকছ, নুডলছ আৰু পাস্তা বিভাগৰ মুখ্য পৰিচালন বিষয়া কবিতা চতুৰ্বেদীয়ে এই বিষয়ে কয় যে, “এই প্ৰচাৰ অভিযানে আমাৰ ব্ৰেণ্ডৰ প্ৰাণচঞ্চল শক্তি আৰু বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে YiPPee!ৰ সোৱাদে আনন্দমুখৰ উদযাপনৰ সোপান গঢ়ি তোলে।