অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মান্নানৰ দেহাৱসান

75

আলোপতি নিবাসী তথা ড° জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক আব্দুল মান্নানৰ মংগলবাৰৰ দিনা নিজ বাসভৱনত কিডনী,মধুমেয় আৰু হৃদ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৪ বছৰ।জানিব পৰা মতে আব্দুল মান্নানে পশ্চিম আলোপতি (কাতুলীপাৰা) প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল৷

শিক্ষকতা কৰি থকা অৱস্থাত প্ৰাথমিক বিদ্যালয় খন ড° জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৈতে “এমালগেমেনেশল” হয়।ড° জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁ ২০২০ ইং চনত অৱসৰ গ্ৰহণ কৰে৷দীৰ্ঘ দিন ধৰি শিক্ষক আব্দুল মান্নান মধুমেয়,কিডনি আৰু হৃদ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷

মৃত্যুৰ সময়ত তেঁও ইহ সংসাৰত পত্নী সহ পাঁচজন পুত্ৰ,এজনী কন্যা,আৰু নাতি পুতি সহ বহুতো আত্মীয় স্বজন এৰি থৈ যায়।তেওঁৰ মৃত্যুত বৃহত্তৰ আলোপতি অঞ্চলত গভীৰ শোঁকৰ ছাঁ পৰাৰ লগতে পৰিয়ালৰ মাজত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে৷